
ডিজিটেল সংবাদ ৰূপহীহাটঃ বুঢ়াচাপৰিত সীমাৰ ভিতৰত পৰা কেইবাখনো চৰকাৰী তথা ব্যক্তিগত বিদ্যালয়ত চলিব প্ৰশাসনৰ বুলড'জাৰ। ইতিমধ্যে শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰী কৰিছে।
ইয়াৰ লগতে শিক্ষাবিভাগেও চৰচাপৰি অঞ্চলৰ গাভৰু শিক্ষাখণ্ডৰ অন্তৰ্গত ৭ খনকৈ বিদ্যালয়লৈ প্ৰেৰণ কৰিছে জাননী। অহা ১০ ফেব্ৰুৱাৰী পূৰ্বে বিদ্যালয়কেইখনৰ যাৱতীয় আচবাব ,সা-সামগ্ৰী, নথিপত্ৰ আদি দাঁতিকাষৰীয়া আন বিদ্যালয়লৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ শিক্ষা বিভাগৰ।
আনফালে বন বিভাগে জাননী নিদিয়া NON FOREST এলেকাৰ বিদ্যালয়ো বন্ধ কৰিলে শোণিতপুৰ জিলা শিক্ষা বিভাগে ৷ ইয়াৰ পাছতেই চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত লাগিছে হাহাকাৰ ।
আপোন বিদ্যালয়খনৰ বাবে চকুলো টুকিছে ছাত্ৰ-ছাত্ৰীয়ে। বিদ্যালয় কেইখন উচ্ছেদ নচলাবলৈ সংবাদ মাধ্যম যোগে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে।