ন-বিজেপিক কমিচন দিব লাগে নিষ্ঠাবন পুৰণি বিজেপি কৰ্মীয়ে ! সমৰ্থকসহ দল ত্যাগ দুই নেতাৰ...
ন-বিজেপিক কমিচন দিব লাগে নিষ্ঠাবন পুৰণি বিজেপি কৰ্মীয়ে ! সমৰ্থকসহ দল ত্যাগ দুই নেতাৰ...

ন-বিজেপিক কমিচন দিব লাগে নিষ্ঠাবন পুৰণি বিজেপি কৰ্মীয়ে ! সমৰ্থকসহ দল ত্যাগ দুই নেতাৰ...

ডিজিটেল সংবাদ তেজপুৰঃ ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ সময় ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে বিজেপি,কংগ্ৰেছ ,অগপ ,আপ আৰু এ আই ইউ ডি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দল সমূহে নিজৰ নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত নামি পৰিছে। এনে সময়তে তেজপুৰৰ দুজন নিষ্ঠাবান জ্যেষ্ঠ বিজেপি নেতাই আজি দলটোৰ বিৰুদ্ধে কমিচনৰাজৰ অভিযোগ উত্থাপন কৰি দলত্যাগ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছেছ।

দলত্যাগী দুই নেতাৰ বিস্ফোৰক দাবী অসমত বিজেপি চৰকাৰৰ শাসন কালত যিকোনো কামৰ ক্ষেত্ৰত ব্যাপক কমিচনৰাজ চলি আছে। ইমানেই নহয় ন-বিজেপি নেতা, পালিনেতাৰ দপদপনি আৰু মইমতালিৰ বাবেই সক্ৰিয় বিজেপি কৰ্মীহৈয়ো দল ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শোণিতপুৰ জিলাৰ জ্যেষ্ঠ নেতা দুজনে। দুয়ো নেতাই সমৰ্থকসহ বহু বিজেপি নেতা,কৰ্মীয়ে অচিৰেই দল ত্যাগ কৰাৰ কাৰনে প্ৰস্ততি চলোৱা বুলিও মন্তব্য কৰে ।

তেওঁলোকে কয়, পুৰণি বিজেপি নেতা,কৰ্মীয়ে ন-বিজেপিক কমিচন নিদিলে কোনো কামেই ল'ব নোৱাৰে। কংগ্ৰেছৰ চোলা খুলি ধন ঘটিবলৈহে ন-বিজেপি সকল দললৈ আহিছে। তেওঁলোকৰ অন্য কোনো চিন্তা নাই।

ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও দলত্যাগী দুই নেতাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ মতে, কংগ্ৰেছৰ চোলা খুলি নতুনকৈ বিজেপিৰ চোলা পিন্ধাসকলৰ প্ৰতিহে মুখ্যমন্ত্ৰীগৰাকীৰ গুৰুত্ব অধিক। পুৰণিৰ প্ৰতি একো নাই।

বিজেপিৰ ভিতৰচৰাৰ প্ৰকৃত স্বৰূপ এইদৰে উদঙাই দল ত্যাগ কৰা তেজপুৰৰ জ্যেষ্ঠ বিজেপি নেতা তুলসী নাথ আৰু ধনু দাসে দল ত্যাগ কৰি আম আদমী পাৰ্টিত যোগদান কৰিছে। এক সংবাদ মেল সম্বোধন কৰি এইদৰে বিজেপিৰ ভিতৰৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰাৰ লগতে বিজেপিৰ নিষ্ঠাবান পুৰণি কৰ্মী আৰু ন-বিজেপিৰ মাজত চলি থকা শীতল যুঁজখনক এইদৰে স্পষ্ট কৰিলে। তেওঁলোকৰ মতে বৰ্তমানৰ বিজেপি হৈছে কংগ্ৰেছ দলৰ বি টীম।

উল্লেখ্য যে শোণিতপুৰ জিলা বিজেপিৰ একেৰাহে তিনিবাৰৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি তথা সক্ৰিয় বিজেপি কৰ্মী আছিল সদ্য দল ত্যাগী তুলসী নাথ। আনহাতে ধনু দাস আছিল জিলা বিজেপি যুৱ মৰ্চাৰ প্ৰাক্তন সাধাৰন সম্পাদক, জিলা বিজেপিৰ আহ্বায়ক কমিটিৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ পৌৰসভাৰ প্ৰাক্তন সদস্য। দুয়ো নেতাই দলীয় কামকাজত অসন্তষ্ট হৈ সমৰ্থকসহ দুদিন পূৰ্বে বিজেপিৰ পৰা পদত্যাগ কৰে।

ন-বিজেপিক কমিচন দিব লাগে নিষ্ঠাবন পুৰণি বিজেপি কৰ্মীয়ে ! সমৰ্থকসহ দল ত্যাগ দুই নেতাৰ...
ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষৰ আত্মহত্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in