পবিত্ৰ ভাদ মাহ উপলক্ষে জাপিয়াত সাতদিনীয়া ভাগৱত পাঠ আৰু নাম প্ৰসংগ

পবিত্ৰ ভাদ মাহ উপলক্ষে জাপিয়াত সাতদিনীয়া ভাগৱত পাঠ আৰু নাম প্ৰসংগ

author-image
Asomiya Pratidin
New Update
পবিত্ৰ ভাদ মাহ উপলক্ষে জাপিয়াত সাতদিনীয়া ভাগৱত পাঠ আৰু নাম প্ৰসংগ

ডিজিটেল সংবাদ, হাজো : হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত জাপিয়া হিদালবৰী নামঘৰত সাতদিনীয়াকৈ আৰম্ভ হৈছে ভাগৱত পাঠ আৰু নাম প্ৰসংগ। শংকৰদেৱ সংঘৰ জাপিয়া প্ৰাথমিক শাখাৰ উদ্যোগত আয়োজিত এই কাৰ্য্যসূচী বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয়।

Advertisment

এই অনুসৰি পুৱাৰ পৰা বিভিন্ন কাৰ্য্যসূচীৰে গধূলি ভাগত অনুষ্ঠিত হয় মহিলাৰ নাম প্ৰসংগ। উদ্যোক্তাই জনোৱা অনুসৰি অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বান্ধৱে অংশ ল’ব এই অনুষ্ঠানত। কাৰ্যতঃ অনাগত সাতদিন ভক্তিৰসত ডুব যাব সমগ্ৰ অঞ্চল।

Also Read: চন্দ্ৰতেই হ'ব গৱেষণাগাৰঃ চীন, ৰাছিয়াৰ প্ৰস্তুতি, সাজু হৈছে ভাৰতো...

hajo