নগাঁৱত গ্ৰামীণ ডাক সেৱকৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

চৰকাৰে গ্ৰামীণ ডাক সেৱকসকলৰ দাবী মানি নললে ১৬ আৰু ১৭ মাৰ্চত দুদিনীয়াকৈ দেশজুৰি ডাক ধৰ্মঘট পালন কৰা হ'ব

author-image
Asomiya Pratidin
New Update
নগাঁৱত গ্ৰামীণ ডাক সেৱকৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

ডিজিটেল সংবাদ,নগাঁও : সদৌ ভাৰত গ্ৰামীণ ডাক সেৱক সংঘৰ আহ্বানত নগাঁৱত গ্ৰামীণ ডাক সেৱক সকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। বিভিন্ন দাবীৰে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

১২, ২৪ আৰু ৩৬ বছৰৰ কৰ্মৰ সময় অতিক্ৰম কৰা গ্ৰামীণ ডাক সেৱকসকলৰ অতিৰিক্ত বেতন বৃদ্ধি কৰা, চিকিৎসাৰ সুবিধা, গ্ৰামীণ ডাক সেৱকৰ পেঞ্চন, এছ ডি বি এছৰ লগতে গ্ৰুপ ইঞ্চুৰেঞ্চ আৰু গ্ৰেচুইটি ৫ লাখ টকালৈ বৃদ্ধি কৰা, অ-বিজ্ঞানসন্মত আৰু অবাস্তবিক লক্ষ্য স্থিৰ কৰা অনতি পলমে বন্ধ কৰা, লক্ষ্য পূৰণৰ অৰ্থে গ্ৰামীণ ডাক সেৱাসকলৰ ওপৰত নিম্ন স্তৰৰ বিষয়াসকলে কৰা হেচা প্ৰয়োগ আৰু শাস্তি বন্ধ কৰা, গ্ৰামীণ ডাক সেৱা সকলে চুটি ললে সেই ঠাইত বিকল্প দিয়াৰ ব্যবস্থা কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত গ্ৰামীণ ডাক সেৱা সংঘৰ নগাঁও সংমণ্ডল শাখাৰ উদ্যোগত ডাক বিভাগৰ নগাঁও সংমণ্ডল কাৰ্যালয়ত গ্ৰামীণ ডাক সেৱক সকলে ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে।

চৰকাৰে গ্ৰামীণ ডাক সেৱকসকলৰ দাবী মানি নললে ১৬ আৰু ১৭ মাৰ্চত দুদিনীয়াকৈ দেশজুৰি ডাক ধৰ্মঘট পালন কৰা হ'ব বুলি গ্ৰামীণ ডাক সেৱক সকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

Also Read: দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশন

all india gramin dak sevak union protest