ডিক্ৰং ভেলী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশন

ডিক্ৰং ভেলী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ বান্দৰদেৱা : লখিমপুৰ জিলাৰ ডিক্ৰং ভেলী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰথম বাৰ্ষিক অধিবেশনখন মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ সমীপৰ শ্ৰীভূঞা মাজগাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়।

প্ৰভাত হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত সভাখন উদ্ধোধন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড:শৰৎ হাজৰিকাই।সভাখন আঁত ধৰে ডিক্ৰ ভেলী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক অতুল বৰাই।

সভাত জিলা সভাপতি তৰুণ হাজৰিকা চাউলধোৱা আঞ্চলিকৰ সভাপতি পুতুল চুতীয়া নাঁওবৈছা আঞ্চলিকৰ সভাপতি যুগল খাউণ্ড ৰাইন' ফেক্টৰীৰ স্বত্বাধিকাৰী ঘন বৰা আৰু প্ৰদীপ বৰা লালুক মৌজাৰ মৌজাদাৰ ভাস্কৰ শ ইকীয়া জিলা সন্থাৰ সহকাৰী সম্পাদক ৰিতুমণি শ ইকীয়া আৰু নিৰঞ্জন দত্ত উপস্থিত থাকে।

সভাত উদ্ধোধক ড: শৰৎ হাজৰিকাই ঘৰতে বিভিন্ন ধৰনৰ জৈবিক চাহ উৎপাদন কৰি কিদৰে চাহ খেতিয়ক উপকৃত হব পাৰে সেই বিষয়ে বিশদভাবে কয়। ইয়াৰোপৰি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হৈয়ো এজন চাহ খেতিয়ক হিচাপে নিজেও গ্ৰীণ টী উৎপাদন কৰি এক দৃষ্টান্ত স্থাপন কৰিছে। আনহাতে সভাত জিলা সভাপতি তৰুণ হাজৰিকাই চাহ খেতিয়কৰ সমস্যা সাৰ প্ৰসাৰতা ইত্যাদিৰ উপৰি কিদৰে চাহ খেতিৰে চাকৰিমুখী নহৈ স্বাৱলম্বী হব পাৰি সেই বিষয়েও ব্যাখ্যা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in