অসমৰ পৰা পৃথক কৰিব বৰাকক : নতুন ৰাজ্যৰ নাম হ'ব 'পূৰ্বাঞ্চল' !

অসমৰ পৰা পৃথক কৰিব বৰাকক : নতুন ৰাজ্যৰ নাম হ'ব 'পূৰ্বাঞ্চল' !
অসমৰ পৰা পৃথক কৰিব বৰাকক : নতুন ৰাজ্যৰ নাম হ'ব 'পূৰ্বাঞ্চল' !

ডিজিটেল ডেস্কঃ অসমৰ পৰা পৃথক হ'ব বৰাক উপত্যকা। পৃথক পূৰ্বাঞ্চল ৰাজ্যৰ দাবী উত্থাপন কৰিলে বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ বি ডি এফে। সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াৰ খচৰা চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ সমান্তৰালকৈ ৰাষ্ট্ৰপতিয়ে এই খচৰাত অনমোদন জনাইছে।

অৱশ্যে এতিয়াও উচ্চতম ন্যায়ালয়ত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ওপৰত এক গোচৰ চলি আছে। তাৰ মাজতে বি ডি এফে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰিলে।

''সাম্প্ৰতিক সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে অসম তথা বৰাকৰ বঙালীৰ মেৰুদণ্ড ভাঙি দিয়া হৈছে। এই তালিকা বাস্তৱায়িত হ'লে বৰাক উপত্যকা অসমৰ সৈতে থকাৰ কোনো অৰ্থ নাথাকে।'' বি ডি এফৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত আজি এই মন্তব্য কৰি পৃথক পূৰ্বাঞ্চল ৰাজ্যৰো দাবী কৰিলে সংগঠনটোৱে।  

বিডিএফৰ মিডিয়া বিভাগৰ আহ্বায়ক হৃষীকেশ দে আৰু জয়দ্বীপ ভট্টাচাৰ্যই প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত বি ডি এফৰ আহ্বায়ক প্ৰদীপ দত্ত ৰয়ে কয়, ২০২৬ চনত সমগ্ৰ ভাৰতত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব। কিন্তু তাৰ পাছতো ২০০১ চনৰ লোকপিয়ল অনুসৰি কিয় অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ল সেয়া ৰহস্যজনক।

তেওঁ কয়, এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ মূল দায়িত্বত আছিল এজন অবঙালী মন্ত্ৰী আৰু বৰাকৰ এজন অবঙালী বিধায়ক। যাৰ বৰাকৰ ইতিহাস, ভূগোল সম্বন্ধে কোনো জ্ঞান নাই। তেওঁক এগৰাকী প্ৰাক্তন ডি আৰ ডি এৰ বিষয়াই সহায় কৰিছিল। এই বিষয়াগৰাকী দুৰ্নীতিৰ গোচৰত এবাৰ জে'ললৈও গৈছিল।

প্ৰদীপ দত্ত ৰয়ে কয়, গুৱাহাটীলৈ ৰাজহুৱা শুনানিৰ বাবে নিৰ্বাচন আয়োগে যি ৩ জনীয়া সদস্যৰ দলক প্ৰেৰণ কৰিলে সেই দলটোৰ হাতত বৰাক উপত্যকাৰ পৰা ২০০ ৰো অধিক প্ৰতিবাদী পত্ৰ দিয়া হৈছিল। মৌখিক ভাৱে যুক্তিও প্ৰদৰ্শন কৰা হৈছিল। কিন্তু সকলো অগ্ৰাহ্য কৰি নিৰ্বাচন আয়োগে সমান্য কিছু সাল সলনি কৰি যিদৰে প্ৰস্তাৱিত খচৰাকেই চূড়ান্ত কৰিছে সেয়া দুৰ্ভাগ্যজনক।

তেওঁ কয়, উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত ৰায়ৰ আগে আগে এই খচৰাত স্বাক্ষৰ নকৰিবলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ ইমেইল কৰাৰ উপৰিও টুইট কৰি অনুৰোধ জনোৱা হৈছিল। কিন্তু কোনো কথাকেই গুৰুত্ব নিদি যিদৰে গেজেট নটিফিকেশ্যন জাৰি কৰা হ'ল তাত ৰাজনৈতিক অভিসন্ধি স্পষ্ট। আনকি উচ্চতম ন্যায়ালয়কো যে এই চৰকাৰে নূন্যতম মান্যতা প্ৰদান নকৰে সেয়াও স্পষ্ট হ'ল।

বিডিএফৰ মুখ্য আহ্বায়কগৰাকীয়ে পুনৰ কয়, ১৯৮০ ত বঙালী খেদা আন্দোলনৰ সময়ত ৰাজ্যত বঙালীসকলৰ ওপৰত বঞ্চনাৰ যি প্ৰক্ৰিয়া আৰম্ভ হ'ল সেই পৰম্পৰা এতিয়াও অব্যাহত আছে। এন আৰ চিৰ জৰিয়তে ১৯ লাখ বঙালীৰ নাগৰিকত্ব লুপ্ত হ'ল।

বঙালী হিন্দু ভোট লাভৰ আশাৰে নাগৰিকত্ব সংশোধনী বিল পাছ কৰি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰো আদায় কৰিলে যদিও আজিও এই আইন কাৰ্যকৰী নহ'ল। বঙালীসকল এই ৰাজ্যত চৰকাৰী চাকৰিৰ পৰাও বঞ্চিত।

ডি ভোটাৰ, ডিটেনশ্যন কেম্প আদি সমস্যা জীয়াই ৰখা হৈছে।সেয়ে বি ডি এফে সিদ্ধান্ত লৈছে যে, বৰাক উপত্যকা অসমৰ সৈতে থকাৰ কোনো অৰ্থ নাই।তেওঁ কয় উচ্চতম ন্যায়ালয়ৰ পৰা চূড়ান্ত ৰায় নহালৈকে তেওঁলোকে কোনো আন্দোলনৰ কাৰ্যসূচী হাতত নলয়।

সেয়ে পৃথকীকৰণৰ লক্ষ্য আগত লৈ সাংগঠনিক বিস্তাৰ আৰু বিভিন্ন জনগোষ্ঠী তথা দল, সংগঠনৰ সৈতে যোগাযোগ প্ৰক্ৰিয়া এতিয়াৰ পৰাই আৰম্ভ কৰা হ'ব। আগন্তুক দুমাহ এই প্ৰস্তুতি চলিব। ইয়াৰ পাছত সকলোৰে মতামতৰ ভিত্তিত আন্দোলনৰ কৰ্মসূচী লোৱা হ'ব।  

প্ৰদীপ দত্ত ৰয়ে কয়, বৰাকবাসীৰ বাবে ১৩ খন বিধানসভা আসন নহয় ৬০ খন বিধানসভা আসন লাগে। এই বিধানসভা হ'ব পূৰ্বাঞ্চল বিধানসভা। এই পৃথক ৰাজ্যখনৰ নাম হ'ব পূৰ্বাঞ্চল।

ইয়াৰোপৰি তেওঁ কয় বিশ্ববিদ্যালয় পৃথকীকৰণৰ দাবীত দীৰ্ঘ ১০ বছৰ আন্দোলন কৰি তেওঁলোক সফল হৈছিল। সেই আন্দোলত হিন্দু, মুছলমান নিৰ্বিশেষে সকলো বঙালীভাষী লোকে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।

এই আন্দোলনত চাহ জনগোষ্ঠী, ডিমাছা, মণিপুৰী, বিষ্ণুপ্ৰীয়াসহ সকলো জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছিল। সেইদৰেই পৃথক পূৰ্বাঞ্চল ৰাজ্যৰ দাবীত সংগ্ৰাম আজিৰে পৰা আৰম্ভ কৰা হ'ল। প্ৰদীপ দত্ত ৰয়ে এই সংগ্ৰামকেই তেওঁৰ জীৱনৰ শেষ সংগ্ৰাম আখ্যা দি এই সংগ্ৰামত সফলতা লাভ কৰিবই বুলি দাবী কৰিছে।

অসমৰ পৰা পৃথক কৰিব বৰাকক : নতুন ৰাজ্যৰ নাম হ'ব 'পূৰ্বাঞ্চল' !
'বিৰাট যুগ'ৰ ১৫ টা বছৰ : প্ৰমাণ কৰি দিলে 'কিং কোহলি'য়েই শ্ৰেষ্ঠ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in