"জ্যেষ্ঠ নাগৰিক সকল আদৰ্শ সমাজ গঢ়নৰ খনিকৰ" উলুবাৰীত উত্তৰ-পূব বীমাৰ জ্যেষ্ঠ নাগৰিক সভা

উলুবাৰীত উত্তৰ-পূব বীমাৰ জ্যেষ্ঠ নাগৰিক সভা
উলুবাৰীত উত্তৰ-পূব বীমাৰ জ্যেষ্ঠ নাগৰিক সভা

ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীৰ উলুবাৰীত উত্তৰ-পূব সাধাৰণ বীমা নিগমৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱম বাৰ্ষিক সাধাৰণ সভা। সভাত উপস্থিত থাকে বহু কেইগৰাকী বিশিষ্ট জ্যেষ্ঠ নাগৰিক। মুখ্য অতিথি হিচাপে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। তেওঁ কয়- "আজিৰ সাম্প্ৰতিক সময়ত মানবীয় প্ৰমূল্যবোধৰ হকে জ্যেষ্ঠ নাগৰিক সকল আদৰ্শ সমাজ গঢ়নৰ খনিকৰ হ'ব পাৰে। আমি ঐক্যবদ্ধভাবে গনমনত আদৰ্শ সমাজৰ দৃষ্টি-ভংগী প্ৰসাৰৰ সময় আজি সমাগত"।

ভাষন প্ৰসংগত বক্তা গৰাকীয়ে জ্যেষ্ঠ নাগৰিকৰ সুবিধাৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰসংঘৰ নীতি ঘোষণাৰ পিছত পৃথিৱীৰ বিভিন্ন দেশৰ জ্যেষ্ঠ নাগৰিক সকলে লাভ কৰাৰ লগতে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ নীতি নিৰ্দেশনাৰ ওপৰত বিতংভাৱে ব্যাখ্যা কৰে।

উত্তৰ-পূব সাধাৰণ বীমা নিগমৰ চাৰিটা ইঞ্চিউৰেঞ্চ কোম্পানী নিউ-ইণ্ডিয়া ইঞ্চিউৰেঞ্চ, নেচনেল ইঞ্চিউৰেঞ্চ,ওৰিওন্টেল ইঞ্চিউৰেঞ্চ আৰু ইউনাইটেড ইণ্ডিয়া ইঞ্চিউৰেঞ্চ কোম্পানীৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ নাগৰিক অৰুন চন্দ্ৰ শৰ্মাই। সভাৰ আৰম্ভনিতে মুকুল বিকাশ শৰ্মাৰ সৰস্বতী বন্দনা আৰু সুভাস দেবনাথৰ ৰোগ বিষয়ক ট্ৰিপত সমাগত সকলোৱে সন্তোষ প্ৰকাশ কৰে। সন্মিলনৰ সাধাৰণ সম্পাদক ৰমেন শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত নাগৰিক মনোজ দাসে সংগীত পৰিবেশন কৰে। বেনুধৰ বসুমতাৰী আৰু বদন চন্দ্ৰ কাকতিয়ে ভাষন ৰখাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় জ্যেষ্ঠ নাগৰিক ৰজত কুমাৰ শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in