চিৰাঙৰ কাজলগাঁৱত এবছুৰ উদ্যোগত বড়ো জাতীয় সংগঠনৰ সৰ্বদলীয় বৈঠক...

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আগত ৰাখি আজি এবছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বড়ো জাতীয় সংগঠনৰ সৰ্বদলীয় বৈঠক
চিৰাঙৰ কাজলগাঁৱত এবছুৰ উদ্যোগত বড়ো জাতীয় সংগঠনৰ সৰ্বদলীয় বৈঠক...
চিৰাঙৰ কাজলগাঁৱত এবছুৰ উদ্যোগত বড়ো জাতীয় সংগঠনৰ সৰ্বদলীয় বৈঠক...

ডিজিটেল সংবাদ, চিৰাং: মূলতঃ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আগত ৰাখি আজি নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চিৰাং জিলা সদৰ কাজলগাঁৱত বড়ো জাতীয় দল সংগঠন তথা বুদ্ধিৰ সকলক লৈ এখন গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় ।

এবছুৰ সভাপতি দ্বীপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত বড়ো সাহিত্য সভা, সদৌ অসম ট্ৰাইবেল সংঘ, ইউপিপিএল দলৰ নেতৃত্বৰ লগতে কেইবাজনো বড়ো জনগোষ্ঠীয় বিজেপিৰ পাৰিষদ তথা নেতাৰ উপৰিও বড়ো সমাজৰ বহু কেইজন বুদ্ধিজীৱি তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

দেশৰ নিৰ্বাচন আয়োগে ২০০১ বৰ্ষৰ লোকপিয়লৰ ভিত্তিত অসমৰ লোক সভা আৰু বিধানসভা সমষ্টি সমূহ পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত ষষ্ঠ অনুসূচীৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ লোকসভা সমষ্টি জনজাতিৰ সংৰক্ষিত ব্যবস্থা বাতিল কৰা বিষয়টো লৈ বড়ো সমাজৰ বিভিন্ন দল সংগঠনৰ উপৰি বুদ্ধিজীৱি মহলত আলোচিত হৈ আছিল । বড়ো সমাজৰ আৱেগ অনুভূতি ওতঃপ্ৰোত ভাৱে জৰিত থকা বিষয়টোৰ সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰাৰ উদ্দেশ্যে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত এবছুৰ জিলা কাৰ্যালয় চৌহদত এখন গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় ।

পূৰ্বৰে পৰা জনজাতীয় লোকৰ বাবে সংৰক্ষিত তথা বৰ্তমানেও ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কোকৰাঝাৰ লোক সভা সমষ্টিটোৰ সংৰক্ষণ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ নামত মুকলি সমষ্টি হিচাপে তালিকা ভুক্ত কৰি জনজাতীয় লোক সকলক বঞ্চিত কৰা কাৰ্যক সহজে মানি লোৱা নহ'ব বুলি আজিৰ বৈঠকত অংশগ্ৰহণ কৰা সকলোবোৰ দল- সংগঠনৰ বিষয়ববীয়া সকলে ঐক্যমত প্ৰকাশ কৰে বুলি সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰীয়ে জানিবলৈ দিয়ে ।

আজিৰ বৈঠকত যিদৰে কোকৰাঝাৰ লোকসভা সমষ্টিক মুকলি সমষ্টি কৰাৰ বিৰোধ কৰা হয়, তাৰ বিপৰীতে মঙলদৈ লোক সভা সমষ্টিৰ বিলুপ্তি ঘটাই ওদালগুৰি লোক সভা সমষ্টি গঠনৰ সিদ্ধান্তক আদৰণি জনায়। আজিৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰা আটাইবোৰ দল-সংগঠনে নিৰ্বাচনী আয়োগ, সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ,দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক যৌথ ভাবে স্মাৰক পত্ৰ প্ৰদান কৰি কোকৰাঝাৰ লোকসভা সমষ্টিক জনজাতি সংৰক্ষিত হিচাপে বাহাল ৰখাৰ লগতে নতুনকৈ গঠন কৰিব বিচৰা ওদালগুৰি লোক সভা সমষ্টিকো জনজাতি সকলৰ বাবে সংৰক্ষিত কৰিবলৈ দাবী জনাব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে বুলি বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।

প্ৰয়োজন সাপেক্ষে কোকৰাঝাৰ লোকসভা সমষ্টিৰ জনজাতি সংৰক্ষণ ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত সকলোবোৰ বড়ো জাতীয় সংগঠনে ঐক্যবদ্ধ ভাবে গণতান্ত্ৰিক ভাৱে শান্তিপূৰ্ণ গণ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত আজিৰ বৈঠকত সৰ্বসন্মত ভাবে গ্ৰহণ কৰা হৈছে বুলি এবছুৰ সভাপতি দ্বীপেন বড়োই সংবাদ মাধ্যমৰ আগত সদৰি কৰে।   

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in