/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f77c96fd-dbc2-4229-8876-487f11b18d0c/ashraful.jpg)
চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতী অপহৰণৰ অভিযোগ...
-
এইবাৰ বিধায়কৰ বিৰুদ্ধে উত্থাপন হৈছে অপহৰণৰ অভিযোগ।
-
এই অভিযোগ উত্থাপন হৈছে এ আই ইউ ডি এফৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে।
-
এগৰাকী যুৱতীক অপহৰণৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে।
-
বিধায়ক আৱাসলৈ আনি যুৱতীগৰাকীক নিৰ্যাতনৰো ভয়ংকৰ অভিযোগ।
-
বিধায়ক আৱাসতেই অপহৃতা যুৱতীগৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰো গুৰুতৰ অভিযোগ।
-
এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ।
-
ৰিতুল হুছেইন নামৰ এজন যুৱকে বৰপেটাৰ পৰা অপহৰণ কৰিছিল যুৱতীগৰাকীক।
-
ড্ৰাগছ সৰবৰাহৰ সৈতেও ৰিতুল হুছেইন নামৰ যুৱকজন জড়িত থকাৰ অভিযোগ।
-
ইয়াৰ পিছত লৈ অনা হৈছিল বিধায়ক আৱাসত থকা আশ্ৰাফুল হুছেইনৰ আৱাসলৈ।
-
যোৱা ৬ ফেব্ৰুৱাৰীতেই এই সন্দৰ্ভত দাখিল কৰা হৈছিল এজাহাৰ।
Also Read: ভূমিকম্পই হৃদয় গলাইছে কিম জং উনৰ ! ২০ হাজাৰ লোকে প্ৰাণ হেৰুৱালে চিৰিয়া আৰু তুৰস্কত...