নগাঁৱত দৌল যাত্ৰা উপলক্ষে ৮ মাৰ্চত স্থানীয় বন্ধ ঘোষণা

author-image
Asomiya Pratidin
New Update
নগাঁৱত দৌল যাত্ৰা উপলক্ষে ৮ মাৰ্চত স্থানীয় বন্ধ ঘোষণা

ডিজিটেল সংবাদ, নগাঁও : দৌল যাত্ৰা উপলক্ষে ৮ মাৰ্চত নগাঁও জিলা প্ৰশাসনে নগাঁও জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে। নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে এক নিৰ্দেশনা জাৰি কৰি এই বন্ধ ঘোষণা কৰিছে।

Advertisment

শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকে দাখিল কৰা আবেদন তথা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সংঘৰ নগাঁও জিলা সমিতিৰ দ্বাৰা কৰা একেটা অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্ত গৰাকীয়ে সেইদিনা সমগ্ৰ নগাঁও জিলাত স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে।

সেই অনুসৰি সেইদিনা ৰাজহ আৰু দণ্ডাধীশ আদালত বা চৰকাৰী সকলো কাৰ্যালয় আৰু সকলো শিক্ষানুষ্ঠান সেইদিনা বন্ধ থাকিব। অৱশ্যে এই বন্ধৰ ফলত জৰুৰীকালীন সেৱা আৰু বিভিন্ন ধৰণৰ পৰীক্ষা বা লিখিত পৰীক্ষা বা সাক্ষাৎকাৰ আদিৰ সৈতে জড়িত অন্যান্য সকলো কৰ্তব্য আৰু সেৱা আৰু ইয়াৰ সৈতে জড়িত আনুষংগিক সেৱাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে।

Also Read: দৈগ্ৰোঙত "হাথ চে হাথ জোড়ো" কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈ

holi