চাহ বিক্ৰি কৰি আদৰ্শ দেখুৱাইছে নগাঁৱৰ দুই উচ্চ শিক্ষিত যুৱকে

চাহ বিক্ৰি কৰি আদৰ্শ দেখুৱাইছে নগাঁৱৰ দুই উচ্চ শিক্ষিত যুৱকে

ডিজিটেল সংবাদ,নগাঁও : একাপ চাহ ৷ ব্যস্ততাৰ মাজত অবসাদ দূৰ কৰিবলৈ সকলোকে লাগে একাপ চাহ ৷ সেয়ে সকলো দৌৰে একাপ চাহ সেৱন কৰিবলৈ ৷

চাহনো খাব ক’ত ? সকলোৱে বিচাৰে পৰিস্কাৰ পৰিচন্ন স্বাস্থাৰ ক্ষতি নোহোৱা স্থানত একাপ চাহ সেৱন কৰি অবসাদ দূৰ কৰিবলৈ ৷ নগাঁৱৰ দুই উচ্চ শিক্ষিত যুৱকে মানুহৰ মন বুজি আপোনাৰ মোৰ হাতত তুলি দিবলৈ চেষ্টা কৰিছে একাপ সুস্বাদ যুক্ত চাহ ৷ নিজ হাতৰে প্ৰস্তুত কৰি হাঁহি মুখৰে বিচৰাৰ দৰে চাহকাপ গ্ৰাহকৰ হাতত তুলি দি জনপ্ৰিয়তা লাভ কৰিছে নগাঁও চহৰৰ দুই অসমীয়াই ৷

নাম তেওঁলোকৰ দেবাশু গোস্বামী আৰু অৰ্নিবান গোস্বামী ৷ দুই ককাই ভাই মিলি ২০২২ চনৰ ডিচেম্বৰ মাহত আৰম্ভ কৰে চাহৰ ব্যৱসায় ৷ মাৰোৱাৰী পট্টিৰ ইউ আৰ ৰোডত আৰম্ভ কৰিলে কড়ক চাহ ৷ দেবাশু গোস্বামীয়ে বাণিজ্য বিভাগৰ স্নাতকত্তোৰ কৰাৰ লগতে চাইবাৰ ক্ৰাইমৰ পাঠ্যক্ৰমৰ ডিপ্লমা অধিকাৰী ৷ ইফালে ভায়েক অৰ্নিবান ইনটেৰৰ’ ডিজাইনিঙৰ শিক্ষাৰে শিক্ষিত ৷ মুম্বাইৰ পাল একাডেমীৰ পৰা ২০২০ চনত শিক্ষা গ্ৰহণ কৰি অৰ্নিবানে ককায়েক দেবাশুৰে মিলি আৰম্ভ কৰে এই চাহৰ ব্যৱসায় ৷

নিজাকৈ কিবা এটা কৰাৰ হেপাহ থকা দেবাশু আৰু অৰ্নিবানে চাহৰ ব্যৱসায় কৰি সফলতা লভিছে কম দিনতে ৷ শিক্ষিত যুৱক দুজনে চাহৰ প্ৰতিস্থানখনিত নিয়োগ কৰিছে দুজনকৈ কৰ্মচাৰী ৷ অৰ্নিবানৰ মতে চাহ বনাই বিক্ৰি কৰি আশা কৰাৰ দৰে ফলাফল লাভ কৰিছে ৷

থলুৱা চাহৰ এক সুন্দৰ বজাৰ থকাৰ কথা ব্যক্ত কৰে ৷ সকলো অসমীয়া যুৱক যুবতীক হাতে কামে যি কোনো ব্যৱসায়ত আত্ম নিয়োগ কৰি স্বাবলম্বী হ'বলৈ আহ্বান জনাই ২৪ বছৰীয়া যুৱকজনে ৷

উল্লেখ্য যে নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দিলীপ গোস্বামীৰ দুই উচ্চ শিক্ষিত সন্তান দেবাশু আৰু অৰ্নিবানে আৰম্ভ কৰা কড়ক চাহৰ প্ৰতিস্থানখনিত ৭ প্ৰকাৰৰ স্বাদৰ চাহ ৰাখিছে ৷ লগতে প্ৰতিস্থানখনিত প্লাষ্টিক মুক্ত কৰি ৰাখিছে ৷ প্লাষ্টিক ব্যৱহাৰৰ পৰিবৰ্তে মাটিৰ কাপত দেবুশু আৰু অৰ্নিবানে আগবঢ়াই দিয়ে সুস্বাদ যুক্ত চাহ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in