নিজৰ কু-কৰ্ম ঢাকিবলৈ পাষাণ মাতৃয়ে পেলাই থৈ গ'ল নৱজাতকক...

বান্দৰদেৱাৰ সমীপৰ পথালি পাহাৰস্থিত শান্তি শিৱ মন্দিৰত ঘৃণনীয় তথা নিলৰ্জ কাণ্ড সংঘটিত কৰিলে

author-image
Asomiya Pratidin
New Update
নিজৰ কু-কৰ্ম ঢাকিবলৈ পাষাণ মাতৃয়ে পেলাই থৈ গ'ল নৱজাতকক...

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ বান্দৰদেৱাৰ সমীপৰ পথালি পাহাৰস্থিত শান্তি শিৱ মন্দিৰত ঘৃণনীয় তথা নিলৰ্জ কাণ্ড সংঘটিত কৰিলে কোনো পাষাণ মাতৃয়ে। নিজৰ কু-কৰ্ম ঢাকিবলৈ অবৈধ সন্তানক জন্ম দিয়েই এৰি থৈ গ'ল শিৱ মন্দিৰত।

Advertisment

শনিবাৰে শিৱৰাত্ৰি উপলক্ষে মন্দিৰত অগণন ভক্তৰ সমাগম হোৱাৰ সুযোগ গ্ৰহণ কৰি মন্দিৰৰ কাষতে এটি কন্যা সন্তান জন্ম দিয়েই পেলাই থৈ যায়। জানিব পৰা অনুসৰি এগৰাকী মহিলাই পেলনীয়া সামগ্ৰী পেলাবলৈ গৈ দেখা পাই এগৰাকী সদ্যজাত কন্য সন্তানটিক।

উপস্থিত থকা ভক্তপ্ৰাণ ৰাইজে একপ্ৰকাৰ ধিক্কাৰ দিয়ে পাষাণ মাতৃগৰাকীক। অৱশ্যে বান্দৰদেৱা আৰক্ষীয়ে সদ্যোজাত কন্য়া সন্তানটিক চিকিৎসাৰ ব্যৱস্থা কৰিছে।

আৰু পঢ়কঃমানশিৰিৰ হৰগৌৰী মন্দিৰত শিৱৰ আৰাধনা

New born baby crime Assam police