চাহৰ দোকানৰে স্বাৱলম্বীতাৰ নিদৰ্শন শিক্ষিত নিবনুৱাৰ

“কৰ্ম্মই আমাৰ ধৰ্ম্ম” মূল মন্ত্ৰৰে বি. কম(B.com) ডিগ্ৰী লৈও চাহৰ দোকানত গিলাচ, বৰ্তন ধুইছে যুৱ ব্যৱসায়ী সঞ্জয় শৰ্ম্মাই৷
চাহৰ দোকানৰে  স্বাৱলম্বীতাৰ নিদৰ্শন শিক্ষিত নিবনুৱাৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ “কৰ্ম্মই আমাৰ ধৰ্ম্ম” মূল মন্ত্ৰকেই সৰোগত কৰি জামুগুৰিহাটৰ ইটাখোলা ব্যৱসায় কেন্দ্ৰত এখন সৰু চাহৰ দোকান দি পৰিয়াল ভৰণ পোষন দিছে শিক্ষিত নিৱনুৱা যুৱক সঞ্জয় শৰ্মাই ৷ বিশটাকৈ বছৰ সঞ্জয়ৰ মাতৃ ফুল কুমাৰী শৰ্মাই “ডাঙৰ মাইনা” নামৰ চাহৰ দোকান খন ইটাখোলা ব্যৱসায় কেন্দ্ৰৰ পথৰ কাষৰ গছৰ তলতে চলাই থকাৰ পিছত তিনি বছৰ পূৰ্ব্বে সেই দোকান খনকে চমজিলৈ নাতি দুৰত্বৰ এটি কোঠালৈ স্থানান্তৰ কৰি কোনো সহায়ক নোহোৱাকৈয়ে বাচন বৰ্তন,গিলচ আদি নিজে ধুই পৰিস্কাৰ কৰি লোৱাৰ লগতে যুৱ ব্যৱসায়ী সঞ্জয় শৰ্মাই চাহ ,মিঠাই, ৰুটি ,পৰঠা নিজহাতে বনাই চলাই গৈছে ব্যৱসায় ৷

বি. কম (B.com) ডিগ্ৰীধাৰী এগৰাকী শিক্ষিত নিৱনুৱা যুৱক হৈও চৰকাৰী চাকৰিৰ আশা পৰিত্যাগ কৰি লগতে বহিৰাজ্যত গৈ কেইটামান টকাৰ বিনিময়তৰ কোম্পানীৰ চাকৰিত নিয়োজিত হৈ বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হোৱাতকৈ নিজৰ ঘৰৰ পৰিয়ালৰ সৈতে থাকি বৰ্তমান এই চাহৰ দোকান খনৰ জৰিয়তেই স্বাৱলম্বী হৈ আন দহ গৰাকী নিবনুৱাৰ প্ৰতি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷

বহুজনৰ বাবে এক আদৰ্শ স্বৰূপ হৈ পৰা যুৱ ব্যৱসায়ী সঞ্জয় শৰ্ম্মাই কামৰ কোনো সৰু বৰ নাই বুলি গণ্য কৰিয়েই “কৰ্মই আমাৰ ধৰ্ম ” এই মতাদৰ্শ লৈয়ে লাজ মান কিম্বা অহংকাৰ সকলো পৰিত্যাগ কৰি চাহৰ দোকান খনতে পুৱা ৮ মান বজাৰ পৰাই নিশা প্ৰায় ৯ মান বজালৈকে থাকি গ্ৰাহক ৰাইজৰ সেৱা আগবঢ়াই গৈছে৷ ইয়াৰ জৰিয়তে যুৱ ব্যৱসায়ীগৰাকীয়ে দৈনিক উপাৰ্জন কৰিছে ৭(সাত) ৰ পৰা ৮(আঠ) হেজাৰ পৰ্য্যন্ত টকা৷

ইটাখোলা ব্যৱসায় কেন্দ্ৰৰ সাধাৰণ চাহৰ দোকান খনৰ সকলো কাম নিজেই কৰি দেখুৱাই গ্ৰাহক ৰাইজৰ মৰম আদৰ বুটলিবলৈ সক্ষম হৈছে এই গৰাকী শিক্ষিত যুৱ ব্যৱসায়ী সঞ্জয় শৰ্মাই৷

চাহৰ দোকানৰে  স্বাৱলম্বীতাৰ নিদৰ্শন শিক্ষিত নিবনুৱাৰ
লখিমপুৰৰ অৱনীশ হাস্পতালৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in