/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e1365796-ebaf-4550-ba77-b94150d192be/dhakowakhana.jpg)
ঢকুৱাখনাত 'ৰাইজৰ দল'ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস পালন....
ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল 'ৰাইজৰ দল'ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেওবাৰে ঢকুৱাখনাতো পালন কৰা হয়। ঢকুৱাখনা বিধান সভা সমষ্টি সমিতিৰ উদ্যোগত, কেঁকুৰী আঞ্চলিক সমিতিৰ সহযোগত কেঁকুৰী ডাংধৰা মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে 'ৰাইজৰ দল'ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।
প্ৰতিষ্ঠা দিৱস উপলক্ষে গৰিষ্ঠ সংখ্যক কৰ্মকর্তাৰ উপস্থিতিত পুৱাৰ ভাগত দলৰ পতাকা উত্তোলন কৰে দলৰ নেতা ঘন নাথ খনিকৰে। শ্বহীদ তৰ্পণ আৰু আনুসংগিক কাৰ্যসূচীৰ পাছতেই ঘন খনিকৰৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱস উপলক্ষে দলীয় সাংগঠনিক সভা।
দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পদ্ম কান্ত দলে, লখিমপুৰ জিলা সমিতিৰ সম্পাদক দিলীপ দাস, ঢকুৱাখনা সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি ৰাতুল গগৈ, সম্পাদক জিতু মণি মিলি আৰু মোহন লাগাচু, সমষ্টি সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া, জাতীয় যুৱ বাহিনী, জাতীয় নাৰী বাহিনী, বিভিন্ন আঞ্চলিক সমিতিৰ কৰ্মকর্তা সকল উপস্থিত থাকে।
সভাত দলৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা পৰ্যালোচনা কৰি বাৰ্ষিক সাংগঠনিক কৰ্মসূচী প্ৰস্তুত কৰা, দলৰ নীতি আদর্শ সাৰ্বজনীনকৰণ কৰি দলীয় সভ্য ভৰ্তিকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা, আগন্তুক ৩ মাহৰ ভিতৰত আঞ্চলিক সমিতি সমূহ পুনৰীক্ষণ আৰু পুনৰ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাকে ধৰি বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আৰু পঢ়ক: লোকে-লোকাৰণ্য চৰাইদেউ মৈদাম; চৰাইদেউ মহোৎসৱত ৰাইজৰ বিপুল সঁহাৰি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us