/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/09cd42d1-b92b-4a0b-bc45-904ac415a749/FSA.jpg)
SEBA
ডিজিটেল ডেস্ক : ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্র-পত্র সন্দৰ্ভত ছেবাই জাৰি কৰিলে জাননী। ছাত্ৰ-ছাত্ৰীসকলে ১৫ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব প্র-পত্র পূৰণ। উল্লেখ্য যে অনলাইনযোগে কৰিব লাগিব প্র-পত্র পূৰণ।
প্ৰ-পত্ৰ পূৰণৰ বাবে অনলাইন ৱেবছাইট sebaregistration.in গৈ লগইন কৰিব লাগিব। পৰীক্ষাৰ মাচুল হিচাপে দিব লাগিব ১,০৫০ টকা। আনহাতে, ব্যৱহাৰিক পৰীক্ষাৰ বাবে অতিৰিক্ত হিচাপে দিব লাগিব ১৫০ টকা।
উল্লেখ্য যে দুই লাখ টকাতকৈ কম বাৰ্ষিক আয়ৰ পৰিয়ালৰ পৰীক্ষাৰ্থীয়ে ৰেহাই পাব মাচুল। আৰু এই ৰেহাইৰ বাবে দাখিল কৰিব লাগিব সংশ্লিষ্ট বিদ্যালয় প্রধানে দিয়া প্রমাণ পত্র। sebaregistration.in ৱেবছাইটত জানিব পাৰিব সবিশেষ তথ্য।
আৰু পঢ়ক : অখিল ভাৰতীয় পছমাণ্ডা মুছলিম মঞ্চৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব প্ৰদান আবুল হুছেইনক...