অখিল ভাৰতীয় পছমাণ্ডা মুছলিম মঞ্চৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব প্ৰদান আবুল হুছেইনক...

আবুল হুছেইনক তেখেতে জাতিটোৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে অখিল ভাৰতীয় পছমাণ্ডা মুছলিম মঞ্চৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্বভাৰ প্ৰদান কৰা হয়

author-image
Asomiya Pratidin
New Update
অখিল ভাৰতীয় পছমাণ্ডা মুছলিম মঞ্চৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব প্ৰদান আবুল হুছেইনক...

bebejiya

ডিজিটেল সংবাদ, বেবেজীয়া : অখিল ভাৰতীয় পছমাণ্ডা মুছলিম মঞ্চৰ নতুন দিল্লীস্থিত কাৰ্যালয়ত ১০ নৱেম্বৰত নগাঁৱৰ ছামাদাৰ পট্টিৰ নিৱাসী বিশিষ্ট সমাজ সেৱক আবুল হুছেইনক তেখেতে জাতিটোৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে অখিল ভাৰতীয় পছমাণ্ডা মুছলিম মঞ্চৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্বভাৰ প্ৰদান কৰা হয়।

অখিল ভাৰতীয় পছমাণ্ডা মুছলিম মঞ্চৰ অধ্যক্ষ জাবেদ মালিকে কেৱল আশাই নহয়, হুছেইন ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি তেওঁৰ নেতৃত্বত অখিল ভাৰতীয় পছমাণ্ডা মুছলিম মঞ্চৰ কাম ত্বৰান্বিত কৰাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত পছমাণ্ডা মুছলিম মঞ্চৰ সংগঠনটোক শক্তিশালী আৰু ফলপ্ৰসূ কৰি তুলিব বুলি আশাবাদী নেতা গৰাকী।

তাৰ উপৰিও সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংকল্প সবকা সাথ, সবকা বিশ্বাস আৰু সেৱাৰ প্ৰচেষ্টাক বাস্তৱায়িত কৰাত অৰিহণা যোগাব বুলি আশাবাদী ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকী। স্মৰণীয় যে দক্ষিণ এছিয়াৰ মুছলমানসকলৰ মাজত জাতি ব্যৱস্থাত দলিত মুছলমানসকলৰ মুক্তিৰ বাবে উৎসৰ্গিত ভাৰতীয় মুছলমান সমাজ সংস্কাৰ সংগঠন পছমাণ্ডা মুছলিম মঞ্চ ১৯৯৮ চনত বিহাৰৰ পাটনাত আলী আনোৱাৰে প্ৰতিষ্ঠা কৰিছিল।

আজি যুৱ নেতা গৰাকীয়ে নিজা বাসভৱনত আহি উপস্থিত হোৱাৰ পিছতেই বিভিন্ন দল সংগঠনে যুৱ নেতা গৰাকীক আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জাতিটোৰ প্ৰতি আৰু অধিক দায়বদ্ধ হৈ কাম কৰি যাবলৈ উৎসাহিত কৰে।

আৰু পঢ়ক : টি-২০ বিশ্বকাপঃ কাইলৈ বিশ্বকাপৰ ফাইনেলত পাকিস্তান-ইংলেণ্ড...

nagaon bebejiya assam