প্ৰশ্ন কাকত ফাদিলঃ এই পৰ্যন্ত ২২ জনক আটক কৰি জেৰা...

প্ৰশ্ন কাকত ফাদিলঃ এই পৰ্যন্ত ২২ জনক আটক কৰি জেৰা...

author-image
Asomiya Pratidin
New Update
প্ৰশ্ন কাকত ফাদিলঃ এই পৰ্যন্ত ২২ জনক আটক কৰি জেৰা...

প্ৰশ্ন কাকত ফাদিলঃ এই পৰ্যন্ত ২২ জনক আটক কৰি জেৰা...

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ক প্ৰশ্ন কাকত পৰীক্ষাৰ পূৰ্বেই ফাদিল হোৱা ঘটনা সন্দৰ্ভত চি আই ডিয়ে আৰম্ভ কৰা তদন্তৰ মাজতেই এই পৰ্যন্ত ২২ জনক আটক কৰা হৈছে। সোমবাৰে চি আই ডিয়ে গুৱাহাটীৰ কাহিলিপাৰাস্থিত ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক, বিষয় শিক্ষক আৰু কৰ্মচাৰীসহিতে মুঠ ৩ জনক সোধপোছ চলাই থকাৰ মাজতেই ৰাজ্যৰ আন আন প্ৰান্তৰ পৰা আন কেইবাজনো লোককে আটক কৰে।

Advertisment

আটক কৰাসকলৰ মাজত আছে অধিকাংশই শিক্ষাৰ্থী। এই পৰ্যন্ত আটক হোৱাসকলৰ ভিতৰত আছে লখিমপুৰত ৫ জন, ধেমাজিৰ পৰা ১ জন, ডিব্ৰুগড়ৰ পৰা ৫ জন আৰু শদিয়া, তিনিচুকীয়াৰ পৰা বাকী কেইজন শিক্ষাৰ্থীক আটক কৰা হৈছে।

জানিব পৰা মতে এইসকল শিক্ষাৰ্থীয়ে হোৱাটছএপৰ জৰিয়তে প্ৰশ্ন কাকত লাভ কৰিছিল। ইফালে গুৱাহাটীৰ ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰা পৰীক্ষাৰ পূৰ্বেই এটা প্ৰশ্ন কাকতৰ টোপোলা হেৰাইছিল। সেয়ে চি আই ডিয়ে প্ৰাৰম্ভিক তদন্তত এই বিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক জ্যোতিৰেখা বৰগোহাঁই আৰু শিক্ষক, কৰ্মচাৰী হেৰম্ব কুমাৰ দাস আৰু বিন্দেশ্বৰ তিমুংক আটক কৰিছিল।

আনহাতে প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত সোমবাৰে চি আই ডিয়ে তলব কৰিছিল ছেবাৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰক জিমলি কাকতি শইকীয়া আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাকো। উল্লেখ্য যে, প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই আৰক্ষীৰ ওচৰত এক গোচৰ দাখিল কৰিছিল যদিও সেই গোচৰ অসম আৰক্ষীয়ে চি আই ডিলৈ হস্তান্তৰ কৰিছে আৰু চি আই ডিত ৩/২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

Also Read: মেট্ৰিকত গণিত বিষয়ৰ প্ৰশ্ন কাকতো হৈছিল ফাদিল ! ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তি...

ছেবা মেট্ৰিকৰ প্ৰশ্ন কাকাত ফাদিল