মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলঃ ছেবাৰ কৰ্মচাৰীসহ ৩ জনক গ্ৰেপ্তাৰ

মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলঃ ছেবাৰ  কৰ্মচাৰীসহ ৩ জনক গ্ৰেপ্তাৰ
মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলঃ ছেবাৰ কৰ্মচাৰীসহ ৩ জনক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল গোচৰ সন্দৰ্ভত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিলে ছেবাৰ কৰ্মচাৰীসহ ৩ জনক। চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা ছেবাৰ কৰ্মচাৰীজন চিত্ৰ ৰয়।

চিত্ৰ ৰয় ছেবাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। আনহাতে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা আন ২ গৰাকী হৈছে জ্যোতিৰেখা বৰগোহাঁই আৰু হেৰম্ব কুমাৰ দাস। ইয়াৰে জ্যোতিৰেখা বৰগোহাঁই কাহিলিপাৰীস্থিত ভাউৰীদেৱী ছাৰাউগী মুকবধিৰ বিদ্য়ালয়ৰ শিক্ষয়ত্ৰী হোৱাৰ লগতে পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষা নিয়ন্ত্ৰক আছিল। আনহাতে হেৰম্ব কুমাৰ দাস বিষয় শিক্ষক।

চি আই ডিয়ে সোমবাৰে বিয়লি তিনিওকে জেৰা চলাইছিল। জেৰা চলোৱাৰ অন্তত পাণবজাৰ মহিলা আৰক্ষী থানাত ৰাখিছিল জ্যোতিৰেখা বৰগোহাঁইক। আনহাতে বাকী কেইজনক লৈ নিশা চি আই ডিয়ে অভিযান চলাইছিল।

বিদ্যালয়খনৰ পৰা পৰীক্ষাৰ পূৰ্বে হেৰাইছিল এটা প্ৰশ্ন কাকতৰ টোপোলা। হেৰুওৱা প্ৰশ্ন কাকাতৰ টোপোলাটোৰ সন্ধানত আৰক্ষীয়ে চলোৱা অভিযান ব্যৰ্থ হয়। এই পৰ্যন্ত সেই প্ৰশ্ন কাকতৰ টোপোলা উদ্ধাৰ হোৱা নাই। আনহাতে চি আই ডিৰ জেৰাত সকলোৰে ভাষ্যৰ অমিল পোৱা গৈছে।

ইফালে ৰাজ্যৰ আন আন প্ৰান্ততো চি আই ডি, আৰক্ষীৰ অভিযান অব্যাহত আছে। এই পৰ্যন্ত মুঠ ২২ জনক আটক কৰি জেৰা চলাই আছে আৰক্ষী, চি আই ডিয়ে। ইয়াৰে অধিকাংশই শিক্ষাৰ্থী।

মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলঃ ছেবাৰ  কৰ্মচাৰীসহ ৩ জনক গ্ৰেপ্তাৰ
অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ যোৰহাট কাণ্ডৰে জড়িত ৩ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in