/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4ecf0195-d617-4675-b1a2-2680c425e24a/scco.jpg)
ডিজিটেল সংবাদ, নামৰূপঃ অসমৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নামৰূপ মহাবিদ্যালয়ত বৃহস্পতিবাৰে ডঃ বাণী কান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে সফলতা লাভ কৰা ডিব্ৰুগড় জিলাৰঅৰ্ধ শতাধিক ছাত্ৰীক স্কুটী প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে সফলতা লাভ কৰা ছাত্ৰীসকলক এক নতুন আঁচনিৰে জৰিয়তে স্কুটি প্ৰদানৰে ব্যৱস্থা কৰিছে চৰকাৰে । ডঃ বাণী কান্ত কাকতি মেধা বঁটা নামেৰে প্ৰদান কৰা এই বঁটা নামৰূপ মহাবিদ্যালয়ে ক্ৰমে যোৱা ১৬ ডিচেম্বৰৰ পৰা ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নামৰূপ, নাহৰকটীয়া, টিংখং, ৰাজগড়, মৰাণ লাহোৱাল ,দুলিয়াজান আদি বিভিন্ন স্থানৰ ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিক ভাৱে প্ৰদান কৰিছে।
আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত মহাবিদ্যালয়ৰে অধ্যক্ষ ডঃ দুৰ্গা প্ৰসাদ গগৈৰ উপস্থিতিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক স্মৃতি ৰেখা কলিতা। অনুষ্ঠানত অধ্যক্ষ ডঃ দুৰ্গা প্ৰসাদ গগৈয়ে কয় যে চৰকাৰৰ এই প্ৰচেষ্টা আৰু স্বীকৃতিৰ গুৰুত্ব যাতে ছাত্ৰ ছাত্ৰীসকলে অনুভৱ কৰি উৎসাহিত হয় তাৰ বাবে নামৰূপ মহাবিদ্যালয়ে এই পদক্ষেপ গ্ৰহণ কৰি প্ৰতিদিনে পঞ্চাশৰ পৰা সত্তৰ খন স্কুটী আনুষ্ঠানিক ভাৱে কৃতি ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হৈছে।
নামৰূপ মহাবিদ্যালয়ৰ পাছ শতাধিক আৰু দুলিয়াজান মহাবিদ্যালয়ৰে সাত শতাধিক ছাত্ৰ ছাত্ৰীক মহাবিদ্যালয়ৰে অস্থায়ী প্ৰেক্ষাগৃহত আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰিছে। আজিৰ অনুষ্ঠানত মহাবিদ্যালয়ৰে শিক্ষক কৰ্মচাৰী,ছাত্ৰ ছাত্ৰী,সকলৰ লগতে নিমন্ত্রিত অতিথি হিচাপে সাংবাদিক সমীৰণ বৰুৱা উপস্থিত থাকে।
আৰু পঢ়ক: এটা ৱাৰ্ম ফিলিং ৰৈ গ'ল...