চিৰাঙত ড০ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ৩৪৩ গৰাকী ছাত্ৰ -ছাত্ৰীৰ মাজত স্কুটী বিতৰণ

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চিৰাং জিলাতো ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ছাত্ৰ -ছাত্ৰী সকলৰ মাজত স্কুটী বিতৰণ কৰা হয় ।

author-image
Asomiya Pratidin
New Update
চিৰাঙত ড০ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ৩৪৩ গৰাকী ছাত্ৰ -ছাত্ৰীৰ মাজত স্কুটী বিতৰণ

ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চিৰাং জিলাতো ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ছাত্ৰ -ছাত্ৰী সকলৰ মাজত স্কুটী বিতৰণ কৰা হয় । জিলা সদৰ কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত শুকুৰবাৰে আয়োজন কৰা এক অনুষ্ঠানৰ জৰিয়তে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ৰশিল্প বিভাগ তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আনুষ্ঠানিক ভাবে এই স্কুটি বিতৰণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে ৷

Advertisment

চিৰাং জিলাত মুঠ ৩৪৩ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ ৩৭ ছাত্ৰ ৩০৫ ছাত্ৰীৰ মাজত এই স্কুটি পৰ্যায়ক্ৰমে বিতৰণ কৰা হ'ব । সভাত মন্ত্ৰী গৰাকীয়ে বক্তব্যত ছাত্ৰ-ছাত্ৰী সকলক এই বঁটাৰে অনুপ্ৰাণিত হৈ অধিক ভালদৰে অধ্যয়নৰ দিশত আগুৱাই যাবলৈ আহ্বান জনায় ।

চৰকাৰে যিটো লক্ষ্য আগত ৰাখি ছাত্ৰ ছাত্ৰী সকলক স্কুটী প্ৰদান কৰি আছে সেই স্কুটি সমূহ যাতে প্ৰকৃতাৰ্থত ব্যৱহাৰ কৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অভিভাৱক সকলক আহ্বান জনায় আৰু ছাত্ৰ ছাত্ৰী সকলেও যাতে এই স্কুটিৰ অপব্যৱহাৰ নকৰে তাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলকো মন্ত্ৰী গৰাকীয়ে অনুৰোধ জনায়।

আজিৰ এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যি ভাষন প্ৰদান কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে । তদুপৰি আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে চিৰাং সমষ্টিৰ পাৰিষদ ছাইখং বসুমতাৰী, মনোনীত পাৰিষদ প্ৰদীপ বায়ন, উপায়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডী, অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱ আদি কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু ছাত্ৰ ছাত্ৰী সকল ।

আৰু পঢ়ক: অবৈধ মাটি খননৰ বিৰুদ্ধে মঙলদৈত ওলাই আহিল জনতা...

assam award hslc