চন্দ্ৰপুৰৰ হেল্প এইড একাডেমিত বিজ্ঞান মনস্ক অনুষ্ঠান

চন্দ্ৰপুৰৰ হেল্প এইড একাডেমিত বিজ্ঞান মনস্ক অনুষ্ঠান

ডিজিটেল ডেস্কঃ আই আই টি গুৱাহাটীৰ চেন্ট্ৰাৰ ফ'ৰ ইণ্ডিয়ান ন'লেজ চিষ্টেমৰ তৰফৰ পৰা "পণ্ডিত হেমচন্দ্ৰ মিছন ফ'ৰ পপুলাইজেচন অৱ চাইন্স এচামিজ কালচাৰ অভিযান"ৰ অংশ হিচাপে মহানগৰীৰ চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ অধীনৰ কুৰকুৰীয়াস্থিত হেল্প এইড ফাউণ্ডেশ্যনৰ অধীনস্থ " হেল্প এইড একাডেমি "ত শনিবাৰে আই আই টিৰ মিছন প্ৰকল্প বিষয়া ড০ ফালাড্ৰাম শৰ্মা, সুকন্যা শৰ্মা, ৰূপম নন্দি আৰু উদয় শ্বাহা উপস্থিত হৈ বৈজ্ঞানিক সা- সঁজুলিৰ সৰল বিৱৰণ, বিজ্ঞানৰ সৰু- সৰু প্ৰকল্পসমূহৰ বিষয়ে সাৱলীল ৰূপত দাঙি ধৰাৰ লগতে ইয়াৰ ব্যৱহাৰৰ উপযোগিতা সম্পৰ্কে মতামত ব্যক্ত কৰে ।

আই আই টিৰ অভিজ্ঞ বিশেষজ্ঞ দলটিয়ে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ লগতে ৰাজ্যখনৰ খ্যাতনামা মনীষীসকলৰ বিজ্ঞান মনস্কতা , সমাজ-দৰ্শন সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে । ভিন-ভিন খেল-ধেমালী, কলা-কৌশল অনুষ্ঠান প্ৰদৰ্শন কৰি ইয়াৰ জড়িয়তে শিকিবলগা, জানিবলগা বিষয় উপস্থাপন কৰে । এই অভিযানৰ মুখ্য অনুসন্ধান বিষয়া আই আই টি গুৱাহাটীৰ অধ্যাপক উদয় দিক্ষিত, সুকন্যা শৰ্মা আৰু ললিত মোহন পাণ্ডে । পণ্ডিত হেমচন্দ্ৰ মিছন ফ'ৰ পপুলাইজেচন অৱ চাইন্স এচামিজ কালচাৰ অভিযানটোত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যন আৰু ডাঃ নৱ গোস্বামী ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী ডাঃ নৱ গোস্বামীয়ে । "

হেল্প এইড একাডেমি" নামৰ শিক্ষানুষ্ঠানখনত অনগ্ৰসৰ, দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক বিয়লি উপযুক্ত শিক্ষাদানৰ বিকল্প বিদ্যালয় হিচাপে সেৱা আগবঢ়াই আহিছে । মহানগৰীৰ অধীনৰ গাঁওখনিক উন্নত মানৰ শৈক্ষিক, মানসিক, বৌদ্ধিক দিশত গঢ় দিয়াৰ উদ্দেশ্যে হেল্প এইড ফাউণ্ডেশ্যনে অহৰহ প্ৰদক্ষেপ লৈ থকা বুলি ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অঞ্জুলিনা দেৱ চৌধুৰীয়ে আই আই টি, গুৱাহাটীৰ দলটোক অৱগত কৰে । মহানগৰীৰ গাঁও কুৰকুৰীয়াক শ্যামলীমা, সৰ্বদিশতে সৱলীকৰণ, উদ্যোগ ৰূপত গঢ়ি তুলিব বুলি আশাবাদী স্বেচ্ছাসেৱী অনুষ্ঠাটিৰ অধ্যক্ষগৰাকী । উল্লেখযোগ্য যে- কুৰকুৰীয়া অঞ্চলটো দুবছৰ আগলৈ শিক্ষাৰ হাৰ ৪০ শতাংশ আছিল যদিও এবছৰৰ ভিতৰত ১০০ শতাংশ কৰাৰ বাবে পৰিকল্পনা কৰিছে বুলি জনায় ।

চন্দ্ৰপুৰৰ হেল্প এইড একাডেমিত বিজ্ঞান মনস্ক অনুষ্ঠান
উদুলিমুদুলি নাজিৰা মেছাগড় "চাওবিন ক্ষেত্ৰ"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in