/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6b3d5355-dd3a-4b0e-a5a5-577c9c75355e/12.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ নাজিৰা মেছাগড় তিনিআলিৰ কাষতে থকা মুকলি পথাৰত "চাওবিন ক্ষেত্ৰ" শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ বৰগোহাঞি বংশাৱলীৰ শতবৰ্ষীয় পূৰ্ণাঙ্গ অধিৱেশনখনি অনুষ্ঠিত হৈছে ৷ শতবৰ্ষীয় পূৰ্ণাংগ অধিৱেশনক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা নাজিৰা মেছাগড়স্থিত "চাওবিন ক্ষেত্ৰ"ত এক উদুলিমুদুলি পৰিৱেশ বিৰাজ কৰিছে ৷
অধিৱেশনখনি পুৱা সদৌ বৰগোহাঞি বংশাবলীৰ কেন্দ্রীয় সমিতিৰ সভাপতি মুহি বৰগোহাঞি আৰু এশজন জ্যেষ্ঠ বৰগোহাঞি বংশধৰে পৃথকে পৃথকে পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে ৷ ইয়াৰ পাছত পৰ্যায় ক্ৰমে মৈদাম তর্পন , থাও ম্যুঙ কাঙ্গন স্মৃতি উদ্যান উদ্বোধন, নাম প্রসঙ্গ, বান-ফী, সাত গৰাকী পুথাওৰ স্মৃতিত গছ পুলি ৰোপন, মুখ্য তোৰণ উদ্বোধন হ'ব।
Also Read: আজিয়েই ভংগ হ'ব পাৰে বিহাৰৰ চৰকাৰৰ ! দেওবাৰে নতুন চৰকাৰৰ শপত লোৱাৰ সম্ভাৱনা...