মিৰ্জাত বিজ্ঞান প্ৰযুক্তিবিদ্যা ভিত্তিক ম'ডেল প্ৰতিযোগিতা

মিৰ্জাত বিজ্ঞান প্ৰযুক্তিবিদ্যা ভিত্তিক ম'ডেল প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
মিৰ্জাত বিজ্ঞান প্ৰযুক্তিবিদ্যা ভিত্তিক ম'ডেল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, পলাশবাৰী: কামৰূপ জিলাৰ মিৰ্জাৰ ছল্টব্ৰুক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত মঙলবাৰে আন্তঃবিদ্যালয় বিজ্ঞান ম'ডেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিজ্ঞানৰ ম'ডেল প্ৰদৰ্শন কৰে।

Advertisment

প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই। ইয়াৰ পূৰ্বে বিদ্যালয়খনৰ অধ্যক্ষ নলিনী ৰঞ্জন শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ অৱসৰপ্ৰাপ্ত চি ই অ’ গুনীন্দ্ৰ নাথ শৰ্মা, গুৱাহটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ হিৰক গোস্বামী,ৰাজনৈতিক নিবন্ধকাৰ তথা যুৱ জনপ্ৰিয় শিক্ষক ড০ চিন্ময় কলিতা, সাংবাদিক অভিজিৎ কলিতাৰ লগতে বহুতো লোক উপস্থিত থাকে।

উল্লেখ্য, উক্ত প্ৰতিযোগিতাত ৯০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। ছয়গাঁৱৰ ছেইণ্ট লুইছ হাইস্কুলে প্ৰথম পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ছল্টব্ৰুক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মিৰ্জাই দ্বিতীয় পুৰস্কাৰ লাভ কৰে। ইফালে এনএমআইটিআই স্কুল, মিৰ্জাই তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে । শেষত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উৎকৃষ্টতা আৰু অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

Also Read: ৬৫ বছৰ ধৰি প্ৰতিদিনেই ডায়েৰী লিখা মানুহজন...

প্ৰযুক্তিবিদ্যা