আজৱ চীন ! অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণে চীনৰ সাৰ্বভৌমত্ব উলংঘা কৰিছে

আজৱ চীন ! অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণে চীনৰ সাৰ্বভৌমত্ব উলংঘা কৰিছে

ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশক সততেই চীনৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি দাবী কৰি অহা চীনে এইবাৰ ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ এই ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি অহাৰ ওপৰিও বেইজিঙে এই ভ্ৰমণে চীনৰ সাৰ্বভৌমত্বত ‍আঘাত হনা বুলিও মন্তব্য কৰিছে । চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৱাং ৱেনৰিনে এই সন্দৰ্ভত কয় যে, "জাংনান চীনৰ ভৌগোলিক এলেকা । ভাৰতীয় মন্ত্ৰী-বিষয়াৰ জাংনান ভ্ৰমণে চীনৰ ভৌগোলিক সাৰ্বভৌমত্ব উলংঘা কৰিছে । এই কাৰ্য সীমান্তৰ শান্ত-সুস্থিৰ পৰিৱেশৰ বাবে উপযোগী নহয় ।"

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অৰুণাচলৰ সীমান্তৱৰ্তী এলেকা কিবিথুত উপস্থিত হয়গৈ আৰু তাতে "ভাইব্ৰেন্ট ভিলেজ প্ৰ'গ্ৰাম" মুকলি কৰে । এই কাৰ্যত ক্ষুন্ন হৈ পৰিছে বেইজিং আৰু তাৎক্ষণিকভাৱেই এই কাৰ্যৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

আনহাতে, বিগত সপ্তাহত চীনে অৰুণাচল প্ৰদেশৰ ১১খন ঠাইৰ নাম সলনি কৰি চীনা আৰু তিব্বতী ভাষাত এই ঠাইসমূহৰ নাম প্ৰকাশ কৰিছিল । চীনে লগতে অৰুণাচল প্ৰদেশৰ নাম জাংনান বুলি উল্লেখ কৰি সমগ্ৰ অৰুণাচল প্ৰদেশ দক্ষিণ তিব্বতৰ অংশ বুলি দাবী কৰে ।

আজৱ চীন ! অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণে চীনৰ সাৰ্বভৌমত্ব উলংঘা কৰিছে
মুকালমুৱাৰ ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in