SCERT কেলেংকাৰীত ৰাজনৈতিক দলৰ নেতাৰ নাম: ৪ সাংবাদিক, RTI কৰ্মীক হাজিৰ কৰোৱা হ'ব আদালতত...

 SCERT কেলেংকাৰীত ৰাজনৈতিক দলৰ নেতাৰ নাম: ৪ সাংবাদিক, RTI কৰ্মীক হাজিৰ কৰোৱা হ'ব আদালতত...
SCERT কেলেংকাৰীত ৰাজনৈতিক দলৰ নেতাৰ নাম: ৪ সাংবাদিক, RTI কৰ্মীক হাজিৰ কৰোৱা হ'ব আদালতত...

ডিজিটেল ডেস্কঃ এজনৰ পাছত এজনকৈ চি এম ভিজিলেঞ্চৰ জালত পৰিছে দল, সংগঠনৰ নেতাৰ লগতে সাংবাদিক। শেহতীয়াকৈ এই কেলংকাৰীৰ সৈতে জড়িত হৈ পৰিছে এটা ৰাজনৈতিক দলৰ এগৰাকী নেতাৰ নাম।

১০৫ কোটি টকীয়া এই কেলেংকাৰীৰ সৈতে নাম জড়িত হোৱা এই ৰাজনৈতিক নেতাজনৰ নাম বিদ্যুৎ কলিতা। বিদ্যুৎ কলিতালৈ চি এম ভিজিলেঞ্চে প্ৰেৰণ কৰিছে চমন।

১০৫ কোটি টকীয়া এই কেলেংকাৰীৰ সন্দৰ্ভত তেওঁক জেৰা কৰিব চি এম ভিজিলেঞ্চৰ তদন্তকাৰী দলে। এই চমন প্ৰেৰণ কৰাৰ পাছতে এতিয়া গ্ৰেপ্তাৰৰ ভয়ত বিদ্যুৎ কলিতাই আত্মগোপন কৰা বুলি জানিব পৰা গৈছে। বিদ্যুৎ কলিতা নাই তেখেতৰ মিৰ্জাস্থিত বাসগৃহত।

উল্লেখ্য এছ চি ই আৰ টিৰ সঞ্চালক হিচাপে থকাৰ সময়তে শেৱালী দেৱী শৰ্মা আৰু তেওঁৰ ঠিকাদাৰ জোঁৱায়েকৰ নেতৃত্বত সংগঠিত হৈছিল এই ১০৫ কোটি টকীয়া কেলেংকাৰী। এই কেলেংকাৰীৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে পলায়ন কৰিছিল শেৱালী দেৱী শৰ্মাই।

অৱশ্যে চি এম ভিজিলেঞ্চৰ দলে শেৱালী দেৱী শৰ্মাক ৰাজস্থানৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল জোঁৱায়েকসহ আন দুজনকো। সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল শেৱালী দেৱী শৰ্মাৰ জীয়ৰীকো।

ইয়াৰ পাছতে শেৱালী দেৱী শৰ্মাক জেৰা কৰাৰ সময়তে পোহৰলৈ আহিছিল এই কেলেংকাৰীৰ সৈতে কিদৰে বিভিন্ন দল, সংগঠনৰ নেতা, সাংবাদিক আদি জড়িত আছিল। শেৱালী দেৱী শৰ্মাই দিয়া তথ্যৰ আধাৰতে চি এম ভিজিলেঞ্চে ইতিমধ্যে জেৰা কৰি গ্ৰেপ্তাৰ কৰিছে সাংবাদিক পূজা মণি দাস, ভাস্কৰজ্যোতি হাজৰিকা, আৰ টি আই কৰ্মী ৰবিজিৎ গগৈ আৰু অনুপ শইকীয়াক।

আজি স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰ চি এম ভিজিলেঞ্চলৈ অনা হয় দুই সাংবাদিক আৰু দুই আৰ টি আই কৰ্মীক। নিশাটো পানবজাৰ মহিলা থানাত ৰখা হৈছিল পূজা দাসক ।আনহাতে পানবজাৰ থানাত নিশাটো ৰখা হৈছিল ৩ অভিযুক্ত ৰবিজিৎ গগৈ, অনুপ শইকীয়া আৰু ভাস্কৰ হাজৰিকাক।

আজি দিনৰ ১২ বজাত চাৰি অভিযুক্তক হাজিৰ কৰোৱা হ'ব বিশেষ আদালতত। পুনৰ চাৰিদিনৰ বাবে চাৰিওজনকে নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাব চিএম ভিজিলেঞ্চে।

 SCERT কেলেংকাৰীত ৰাজনৈতিক দলৰ নেতাৰ নাম: ৪ সাংবাদিক, RTI কৰ্মীক হাজিৰ কৰোৱা হ'ব আদালতত...
সদ্য সমাপ্ত পৰ্যটন বৰ্ষত কাজিৰঙালৈ আহিল ৩ লাখ ১৭ হাজাৰ পৰ্যটকঃ ৭ কোটি ৫৪ লাখ ৰাজহ সংগ্ৰহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in