সদ্য সমাপ্ত পৰ্যটন বৰ্ষত কাজিৰঙালৈ আহিল ৩ লাখ ১৭ হাজাৰ পৰ্যটকঃ ৭ কোটি ৫৪ লাখ ৰাজহ সংগ্ৰহ...

সদ্য সমাপ্ত পৰ্যটন বৰ্ষত কাজিৰঙালৈ আহিল ৩ লাখ ১৭ হাজাৰ পৰ্যটকঃ ৭ কোটি ৫৪ লাখ ৰাজহ সংগ্ৰহ...
সদ্য সমাপ্ত পৰ্যটন বৰ্ষত কাজিৰঙালৈ আহিল ৩ লাখ ১৭ হাজাৰ পৰ্যটকঃ ৭ কোটি ৫৪ লাখ ৰাজহ সংগ্ৰহ...

ডিজিটেল ডেস্কঃ ২০২২-২৩ পৰ্যটন বৰ্ষত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা দৰ্শনৰ বাবে আহিল ৩ লাখ ১৭ হাজাৰৰো অধিক পৰ্যটকে। এইসকল পৰ্যটকৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনে সংগ্ৰহ কৰিলে ৭ কোটি ৫৪ লাখৰো অধিক ৰাজহ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য মতে সদ্য সমাপ্ত পৰ্যটন বৰ্ষত কাজিৰঙালৈ আগমণ ঘটিল মুঠ ৩ লাখ ১৭ হাজাৰ ৬৩৮ গৰাকী পৰ্যটকৰ। ইয়াৰ ভিতৰত বিদেশী পৰ্যটকৰ সংখ্যা ১০ হাজাৰ ৭৬৮ গৰাকী।

আনহাতে এই পৰ্যটন বৰ্ষত কাজিৰঙাই ৰাজহ সংগ্ৰহ কৰিছে মুঠ ৭ কোটি ৫৪ লাখ ১৫ হাজাৰ ২৯৯ টকা। উল্লেখ্য যে যোৱা পৰ্যটন বৰ্ষত কাজিৰঙালৈ আগমণ ঘটিছিল ২ লাখ ৪৮ হাজাৰ ৩৮৯ গৰাকী পৰ্যটৰ। আনহাতে সেইবাৰ ৰাজহ সংগ্ৰহ কৰিছিল ৫ কোটি ৩৬ লাখ ৩৫ হাজাৰ ৬৯০ টকা।

সঞ্চালক যতীন শৰ্মাই সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা এই তথ্যই এটা কথা স্পষ্ট কৰিছে যে, বিগত বৰ্ষৰ তুলনাত কাজিৰঙালৈ আগমণ ঘটা পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰাজহ বৃদ্ধিয়েই নহয়, কাজিৰঙাক কেন্দ্ৰবিন্দু হিচাপে লৈ হোটেল, ৰিজ'ৰ্ট ব্যৱসায়ৰ লগতে জিপ চাফাৰীৰে জড়িত লোকসকলো লাভাম্বিত হৈছে।

সদ্য সমাপ্ত পৰ্যটন বৰ্ষত কাজিৰঙালৈ আহিল ৩ লাখ ১৭ হাজাৰ পৰ্যটকঃ ৭ কোটি ৫৪ লাখ ৰাজহ সংগ্ৰহ...
উৎকট গৰমে দহিছে ৰাজ্যঃ বৰষুণৰ অপেক্ষাত সকলো যেন চাতক চৰাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in