/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/bdc66206-818f-4d6d-abad-299cc8f2cd0f/AP_Kelengkari.jpg)
ডিজিটেল ডেস্ক : এছ চি ই আৰ টিৰ ১০৫ কোটিটকীয়া কেলেংকাৰীত জড়িত আন ৩ জনক গ্রেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী তদাৰকী কোষে। দীৰ্ঘ সময় জেৰাৰ অন্তত গ্রেপ্তাৰ কৰা হয় আৰ টি আই কৰ্মী মনোজ দাস, কেশৱ গগৈ আৰু বিদ্যুৎ কলিতাক। ইয়াৰে বিদ্যুৎ কলিতা আপৰ নিলম্বিত নেতা।
এছ চি ই আৰ টি কেলেংকাৰীৰে জড়িত হোৱাৰ দোষত গ্ৰেপ্তাৰ হোৱা শেৱালী দেৱী শৰ্মাই জেৰাত নাম লৈছিল এইসকল লোকৰ। ইয়াৰ পিছতে এজনৰ পাছত আন এজন লোক গ্ৰেপ্তাৰ হৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দ্বাৰা। এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত শেৱালী দেৱী শৰ্মাৰ জীয়ৰী, জোঁৱাই আদিকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদত ডি এল এড পাঠ্যক্ৰমৰ নামত সংঘটিত হৈছিল এই ১০৫ কোটি টকীয়া কেলেংকাৰী। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে বৰ্তমানেও এই কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে।
Also Read: SCERT Scam: ১০৫ কোটি কেলেংকাৰীৰ নায়িকা শেৱালী দেৱী শৰ্মাৰ মুখত সাংবাদিক RTI কৰ্মীৰ নাম !
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us