SCERT Scam: ১০৫ কোটি কেলেংকাৰীৰ নায়িকা শেৱালী দেৱী শৰ্মাৰ মুখত সাংবাদিক RTI কৰ্মীৰ নাম !

SCERT Scam: ১০৫ কোটি কেলেংকাৰীৰ নায়িকা শেৱালী দেৱী শৰ্মাৰ মুখত সাংবাদিক RTI কৰ্মীৰ নাম !
SCERT Scam: ১০৫ কোটি কেলেংকাৰীৰ নায়িকা শেৱালী দেৱী শৰ্মাৰ মুখত সাংবাদিক RTI কৰ্মীৰ নাম !

ডিজিটেল ডেস্কঃ ৰাজ্যত সংঘটিত হোৱা ১০৫ কোটি টকীয়া এছ চি আৰ টি কেলেংকাৰী (SCERT Scam)ৰ সন্দৰ্ভত প্ৰকাশ পাইছে এটাৰ পাছত আন এটা বিস্ফোৰক তথ্য। এই কেলেংকাৰীৰ সৈতে নাম জড়িত হৈছে ৰাজ্যৰ একাংশ সাংবাদিক আৰু আৰ টি আই কৰ্মীৰ।

উল্লেখ্য যে, অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদ (State Council of Educational Research and Training (SCERT))ৰ কেলেংকাৰীৰ মূল অভিযুক্তি আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাক ৰাজস্থানৰ পৰা ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। শেৱালী দেৱী শৰ্মা (Sewali Devi Sarma) এছ চি আৰ টিৰ সঞ্চালক হিচাপে থকাৰ সময়তে সংঘটিত হৈছিল এই ১০৫ কোটি টকীয়া কেলেংকাৰী।

এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত শেৱালী দেৱী শৰ্মাৰ জীয়ৰী, জোঁৱাই আদিকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকক ইতিমধ্যে জে'ললৈ প্ৰেৰণ কৰিছে।

অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদত ডি এল এড পাঠ্যক্ৰমৰ নামত সংঘটিত হৈছিল এই ১০৫ কোটি টকীয়া কেলেংকাৰী। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এই কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে।

এই তদন্তৰ ভিত্তিতে এছ চি ই আৰ টি (SCERT)ৰ মুক্ত দূৰ শিক্ষাৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক তথা নডেল বিষয়া ড° এল এন সোণোৱাল, গাণনিক জয়চন্দ্ৰ লহকৰ, ষ্টেন'গ্ৰাফাৰ ৰুবুল আলী, কনিষ্ঠ সহায়ক ৰমিজুদ্দিন, চার্টার্ড একাউনটেণ্ট সৰং ম'ৰে আৰু কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড শেৱালি দেৱী শৰ্মাৰ জোঁৱাই তথা ঠিকাদাৰ ৰাজেশ কুমাৰ যোশী আদিকো গ্ৰেপ্তাৰ কৰিছে।

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি শেৱালী দেৱী শৰ্মা (Sewali Devi Sarma)ই ২৭ হাজাৰ ৮৯৭ গৰাকী শিক্ষকৰ পৰিৱৰ্তে ১ লাখ ৬ হাজাৰ ৮২৮ গৰাকী শিক্ষকক ভুৱাকৈ প্ৰশিক্ষণ দিয়া দেখুৱাই ধন হৰলুকী কৰিছিল। ইয়াৰোপৰি কাৰ্যালয়ক বিভিন্ন সামগ্ৰী ক্ৰয়ৰ নামতো সংঘটিত হৈছিল কেলেংকাৰী।

এই কেলেংকাৰী সংঘটিত হৈছিল ২০১৭ ৰ পৰা ২০২২ লৈ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে ৩/২০২৩ নম্বৰত গোচৰ ৰুজু কৰিছে আৰু এই পৰ্যন্ত ১০ জন লোকক জে'ললৈ প্ৰেৰণ কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে এই কেলেংকাৰীৰ বাবদ সাংবাদিক আৰু আ টি আই কৰ্মীয়েও শেৱালী দেৱী শৰ্মাক ব্লেক মেইল কৰি ২ কোটিৰো অধিক টকা দাবী কৰিছিল বুলি তদন্তকাৰী বিষয়াৰ আগত প্ৰকাশ কৰিছে শেৱালী দেৱী শৰ্মাই। শেৱালী দেৱী শৰ্মাৰ ভাষ্য অনুসৰিয়েই মুখ্যমন্ত্ৰী তদাৰকী কোষে সেই সাংবাদিক আৰু আৰ টি আই কৰ্মীক তলব কৰিছে।

SCERT Scam: ১০৫ কোটি কেলেংকাৰীৰ নায়িকা শেৱালী দেৱী শৰ্মাৰ মুখত সাংবাদিক RTI কৰ্মীৰ নাম !
ৰঞ্জীৱ শৰ্মা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ সভাপতি নিৰ্বাচিত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in