SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰী: আজি পুনৰ তলব সাংবাদিকক...

শেৱালী দেৱী শৰ্মাৰ এছ ছি ই আৰ টিৰ ১০৫ কোটিটকীয়া কেলেংকাৰীৰ সন্দৰ্ভত আজি পুনৰ চি এম ভিজিলেন্সলৈ সাংবাদিক পূজা দাস।

author-image
Asomiya Pratidin
New Update
SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰী: আজি পুনৰ তলব সাংবাদিকক...

ডিজিটেল ডেস্ক : শেৱালী দেৱী শৰ্মাৰ এছ ছি ই আৰ টিৰ ১০৫ কোটিটকীয়া কেলেংকাৰীৰ সন্দৰ্ভত আজি পুনৰ চি এম ভিজিলেন্সলৈ সাংবাদিক পূজা দাস। সাংবাদিকগৰাকীৰ লগতে আজি তলব কৰা হৈছে মাইনা শইকীয়া ওৰফে অনুপ শইকীয়াক।

Advertisment

জানিব পৰা মতে, চি এম ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হোৱা আৰ টি আই কৰ্মী ৰবিজিত গগৈৰ বন্ধু অনুপ শইকীয়া। চি এম ভিজিলেন্সৰ এই তলবৰ পিছতেই অতি শীঘ্রেই গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা বহু সংবাদকৰ্মী তথা আৰ টি আই কৰ্মী।

উল্লেখ্য যে, কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাই জেৰাত নাম লৈছিল এই সকল লোকৰ। সম্প্রতি কেন্দ্রীয় কাৰাগাৰত আছে শেৱালি দেৱী শৰ্মাসহ ঘটনাৰে জড়িত ৯ গৰাকীকৈ অভিযুক্ত। আনহাতে সোমবাৰ আৰু আজিৰ দিনটোত তলব কৰা সাংবাদিক পূজা দাসে মাতৃৰ একাউণ্টত কেইবা লাখ টকা লোৱাৰ তথ্য লাভ কৰিছে চিএম ভিজিলেন্সে।

ঘটনাৰে নাম সাঙোৰ খাইছে সংবাদকৰ্মী, আৰটিআই কৰ্মীক মেনেজ কৰা এছ চি ই আৰ টিৰ প্রাক্তন উপ-সঞ্চালকৰ। লক্ষ্মী নাৰায়ণ সোণোৱাল নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে আছে এই অভিযোগ। তদুপৰি সোমবাৰৰ দিনটোত বঙাইগাঁও ডাইট কেন্দ্রৰ আন্তঃগাঁথনিৰ নামত লুণ্ঠন কৰাৰ অভিযোগত তলব কৰা হৈছিল প্ৰতিষ্ঠানটোৰ প্ৰধান দীপক কুমাৰ তালুকদাৰক। ইয়াৰ উপৰিও ৰাজ্যখনৰ কেইবাখনো ডাইট প্ৰতিষ্ঠানৰ প্ৰধানক কৰা হৈছিল তলব।

Also Read: শেৱালী দেৱীৰ ১০৫ কোটি টকাৰ কেলেংকাৰী; চিএম ভিজিলেন্সে তলব কৰিলে কাক কাক...

GOVT OF ASSAM SCERT Scam: