চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দপদপনি...

লাচিত দিৱস উদযাপনৰ নামত চিৰাঙৰ কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ ।
চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দপদপনি...

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ কাজলগাঁও স্থিত উপায়ুক্ত কাৰ্যালয়ত এজন দুৰ্নীতিগ্ৰস্থ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দপদপনি অতিষ্ঠ ক্ষুদ্র ব্যবসায়ী তথা ঠিকাদাৰ । উপায়ুক্ত কাৰ্যালয়ৰ উঠি অহা বহি ৰজাৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জন ইমানেই প্ৰভাৱশালী ইয়াৰ আগত সাধাৰণ ৰাইজ বাদ দিয়ক অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত সকলেও নিষ্প্ৰভ হৈ পৰে ।

চিৰাং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ এইজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনৰ নাম হৈছে জীৱন ফুকন ৰায়। উপায়ুক্ত কাৰ্যালয়ৰ মুখ্য জাৰিকাৰক হিচাপে কৰ্মৰত জীৱন ফুকন ৰায়ে নিজৰ প্ৰভাৱ খটুৱাবলৈ কেতিয়াবা উপায়ুক্তৰ ব্যক্তিগত সহকাৰী/ গোপনীয়তা সহায়ক কেতিয়াবা আকৌ উপায়ুক্ত কাৰ্যালয়ৰ নাজিৰত হিচাপে পৰিচয় দিয়ে ।

আশ্চৰ্য্যজনক কথা যে এইজন জীৱন ফুকন ৰায়ৰ বাবে উপায়ুক্ত কাৰ্যালয়ত আচুতীয়াকৈ এটা শীততাপ নিয়ন্ত্ৰতিত কোঠালী আবন্টিত কৰা আছে । তেখেতৰ টেবুলত আছে কম্পিউটাৰ, বিভিন্ন ঠিকাদাৰৰ কামৰ ফাইলৰ দম আৰু তেখেতৰ টেবুলে দি পাৰ কৰা হয় সকলো ঠিকাদাৰৰ কামৰ ফাইল। তেখেতেই নিৰ্ধাৰণ কৰে কোন কাম কোনজন ঠিকাদাৰে লাভ কৰিব ।

আজি এইজন দুৰ্নীতিগ্ৰস্থ জীৱন ফুকন ৰায়ৰ বিৰুদ্ধে লাচিত দিৱস উদযাপনৰ নামত চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ত ভয়ংকৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুযায়ী এইজন জীৱন ফুকন ৰায়ে মৌখিক ভাৱে লাচিত দিৱসৰ পেণ্ডেলৰ কামৰ দায়িত্ব অৰ্পণ কৰিছিল কাজলগাঁৱৰ সৰকাৰ ডেকৰেটৰ এণ্ড টেন্ট হাউচৰ স্বত্তাধিকাৰী আনন্দ সৰকাৰক ।

সেইমতে চৰকাৰী নিয়ম নীতি বহিঃভূত ভাবে লিখিত কামৰ অনুমোদন নোহোৱাকৈ পূৰ্বৰ পৰা কাম কৰি অহা টেন্ট হাউচৰ মালিকে মৌখিক আদেশতে লাচিত দিৱসৰ পেণ্ডেলৰ কাম সম্পন্ন কৰিছিল । পিছত টেন্ট হাউচৰ স্বত্বাধিকাৰী আনন্দ সৰকাৰে জীৱন ফুকন ৰায়ৰ পৰা লিখিত কামৰ অনুমোদন পত্ৰ বিচাৰিছিল যদিও চতুৰ জীৱন ফুকন ৰায়ে বিভিন্ন কথাৰ আচিলাৰে লিখিত কামৰ অনুমোদন পত্ৰৰ প্ৰয়োজন নাই বুলি কৈ টেন্ট হাউচৰ কামৰ বিল বিচাৰে ।

সেইমতে আনন্দ সৰকাৰে যোৱা ১৫ ডিচেম্বৰ তাৰিখে ৪ লাখ ৫ হেজাৰ ২০০ টকাৰ বিল জমা দিছিল । কিন্তু আনন্দ সৰকাৰে সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি জীৱন ফুকন ৰায়ে টেন্ট হাউচৰ স্বত্বাধিকাৰী আনন্দ সৰকাৰ দ্বাৰা টেন্ট কাম কৰাই অইন কোনো এজন ঠিকাদাৰৰ নামত লিখিত কামৰ অনুমোদন আবন্টিত কৰি দি তেখেতৰ নামতে জিলা কোষাগাৰৰ পৰা টকা উলিয়াই লৈ আত্মসাত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

লক্ষ্যনীয় বিষয় এইবেলি জিলা স্তৰত ৪০০ বছৰীয়া লাচিত দিৱস উদযাপন কৰিবলৈ অসম চৰকাৰে আগতীয়াকৈ চিৰাং জিলাৰ বাবে ৩০ লাখ মোকলাই দিছিল । কিন্তু টেন্ট হাউচৰ স্বত্বাধিকাৰী জীৱন ফুকন ৰায়ে আজিলৈকে দাখিল কৰা কামৰ বিনিময়ৰ বিল আদায় দিয়াৰ পৰিবৰ্তে বিভিন্ন কথাৰ ঘুৰাই আছে বুলি অভিযোগ কৰে । আজি টেন্ট হাউচৰ স্বত্বাধিকাৰী আনন্দ সৰকাৰে তেওঁৰ সৈতে জীৱন ফুকন ৰায়ে কৰা এই প্ৰৱঞ্চনাৰ কথা চিৰাঙৰ সাংবাদিক সকলৰ আগত ব্যক্ত কৰাত ।

সাংবাদিকৰ দলে যুটীয়া ভাবে উপায়ুক্ত কাৰ্যালয়ত অভিযান চলাই জীৱন ফুকন সৰকাৰক তেখেতৰ কোঠালিতে গৈ সোধপোছ কৰাত সাংবাদিকৰ কেমেৰা দেখি হতবম্ভ হৈ পৰা পলায়ন কৰাৰ চেষ্টা চলায় । পিছত এই সন্দৰ্ভত চিৰাঙৰ উপায়ুক্ত পি, বিজয় ভাষ্কৰ ৰেড্ডীৰ সৈতে এই দুৰ্নীতিৰ কথা জানিবলৈ চেষ্টা কৰে যদিও উপায়ুক্ত গৰাকীয়ে সাংবাদিক সকলৰ সৈতে সাক্ষাৎ দিয়াৰ পৰিবৰ্তে অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীলৈ সমগ্ৰ ঠেলি দি দায়িত্বৰ পৰা হাত সাৰিব বিচাৰে ।

পিছত ৰিংখাং মুছাহাৰীয়ে সমগ্ৰ বিষয়টোক অনুসন্ধান আৰু তদন্ত কৰাৰ কথা দেহাৰে লগতে প্ৰয়োজনত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষনা কৰে । এতিয়া প্ৰশ্ন হয় কাৰ স্বাৰ্থত উপায়ুক্ত কাৰ্যালয়ত অন্যান্য তৃতীয় বৰ্গৰ কৰ্মচাৰী থকা স্বত্বেও এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক ইমান গুৰুত্বপূৰ্ণ টেবুলৰ কামৰ দায়িত্ব বছৰৰ পিছত বছৰ ধৰি অৰ্পন কৰা হৈছে । সচেতন ৰাইজে এতিয়া ইয়াৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in