স্বামীক হত্যা কৰি মৃতদেহৰ কাষতেই শুই পৰিল পত্নী...

স্বামীক হত্যা কৰি মৃতদেহৰ কাষতেই শুই পৰিল পত্নী...

ডিজিটেল ডেস্ক : ক্ৰমাৎ যেন যন্ত্ৰৱৎ আৰু হ্ৰিংস্ব হৈ আহিছে লোক সকল । মৃত্যুও এতিয়া প্ৰভাৱশালী নহয় এওঁলোকৰ সন্মুখত । তেনেস্থলত কাৰোবাক নৃশংসভাৱে হত্যা কৰাটো হৈ পৰিছে সাধাৰণ কথা । দেশত শেহতীয়াকৈ সংঘটিত ঘৃণনীয় হত্যাকাণ্ড সমূহৰ চাঞ্চল্য মাৰ নাযাওতেই উত্তৰ প্ৰদেশত সংঘটিত হ'ল এক অনুৰূপ ঘটনা ।

উত্তৰ প্ৰদেশৰ ৰাই বাৰেলি জিলাৰ সাহগাও পশ্চিম গাওঁত সংঘটিত হ'ল এই ঘটনা । আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি, ভুক্তভোগী অতুল সাহগাও নামৰ ব্যক্তি গৰাকী সুৰাসক্ত আছিল । দৈনিক সুৰাত আসক্ত হৈ গৃহলৈ উভতি অহা অতুল সোমবাৰে একেই সুৰাসক্ত অৱস্থাত গৃহলৈ আহি পত্নীৰ সৈতে বাকযুদ্ধত লিপ্ত হয় । এই বাক বিতণ্ডাৰ মাজতেই অতুলে পত্নীক শাৰীৰিক অত্যাচাৰ চলোৱাৰ বাবে পত্নীয়ে এটি শিলেৰে আঘাত কৰে অতুলৰ শিৰত । যাৰ ফলত ঠাইতেই মৃত্যুবৰণ কৰে অতুলে ।

এই ঘটনাৰ পাছত অতুলৰ পত্নী কৰ্মক্ষেত্ৰলৈ গৈ দিনটোৰ কামৰ অন্তত সন্ধিয়া উভতি আহি নিজৰ সন্তান দুটিৰ বাবে আহাৰো প্ৰস্তুত কৰে । এই সমগ্ৰ সময়ছোৱাত তেখেতে মৃত পতিক বিচনাত শুৱাই থৈ দিয়ে যাতে সন্তান দুটিয়ে সন্দেহ নকৰে পিতৃৰ অনুপস্থিতিৰ ।

আনহাতে, পুৱতি নিশা অতুলৰ মৃতদেহটো বাসগৃহৰ সন্মুখলৈ অকলেই কঢ়িয়াই নি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে যে অতুল নিচাসক্ত অৱস্থাত ঘৰলৈ উভতাৰ পথতেই মৃত্যুবৰণ কৰে । কিন্তু পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত পোহৰলৈ আহে এই হত্যাকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in