পাঞ্জাৱ নেচনেল বেংকত লক্ষাধিক টকাৰ কেলেংকাৰী পতি-পত্নীৰ

কৰ্মচাৰীসকলক নাকী লগাবলৈ ঊৰ্ধতম কৰ্তৃপক্ষক মাজুলীবাসীয়ে দাবী জনায়
পাঞ্জাৱ নেচনেল বেংকত লক্ষাধিক টকাৰ কেলেংকাৰী পতি-পত্নীৰ

ডিজিটেল সংবাদ,মাজুলীঃ মাজুলী কমলাবাৰী পাঞ্জাৱ নেচনেল বেংক আৰু ফুলনি পাঞ্জাৱ নেচনেল বেংকৰ শাখাত বিভিন্ন সময়ত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈ আহিছে ৷ পুনৰবাৰ মাজুলীৰ পাঞ্জাব নেচনেল বেংকত সংঘটিত হোৱা দুৰ্নীতিয়ে মাজুলীবাসীক চিন্তিত কৰি তুলিছে ৷

জানিব পৰা মতে বিত্তীয় বৰ্ষৰ অন্তিম অডিতত ধৰা পৰিছে বেংকত সংঘটিত এই ভয়ংকৰ কেলেংকাৰী। পাঞ্জাৱ নেচনেল বেংকৰ কমলাবাৰী শাখাৰ পৰিচালক বিতুপন কছাৰীয়ে ঋণ দিয়াৰ নামত সংঘটিত কৰিছে ১ কোটি ৭৮ লাখ টকাৰ বৃহৎ কেলেংকাৰী।

টকাৰ লালসাত মত্ত শাখা পৰিচালকজনে ২৬ গৰাকী গ্ৰাহকৰ ভুৱা ব্যৱসায় প্ৰতিষ্ঠান দেখুৱাই ঋণ দিয়াৰ নামত সংঘটিত কৰিছিল এই ভয়ানক কেলেংকাৰী। বৰ্তমানৰ বিত্তীয় বৰ্ষৰ অন্তিম অডিতত সমগ্ৰ কেলেংকাৰী পোহৰলৈ অহাত পাঞ্জাৱ নেচনেল বেংকৰ কমলাবাৰী শাখাৰ বৰ্তমানৰ পৰিচালক অজয় চক্ৰৱৰ্তীয়ে কমলাবাৰী থানাত এজাহাৰ দাখিল কৰিছে।

ইতিমধ্যে থানাত কেচ নম্বৰ ৪৫/ আই পি চি ১২০ বি/৪০৯/৪২০ ধাৰাত গোচৰ ৰুজু কৰিছে আৰু বেংকে বিভাগীয়ভাৱে বিতোপন কছাৰীক নিলম্বন কৰিছে বুলি জানিব পৰা গৈছে । একেদৰে বিতুপন কছাৰীৰ পত্নী ৰুনা চৌধুৰীৰ বিৰুদ্ধেও ৰুজু হৈছে অনুৰূপ গোচৰ।

পাঞ্জাৱ নেচনেল বেংক ফুলনি শাখাৰ শাখা পৰিচালক হিচাপে কৰ্তব্যৰত অৱস্থাত ৰুনাই ১৩.১৭ লাখ টকাৰ কেলেংকাৰী ঋণৰ নামত সংঘটিত কৰিছে । এই কেলেংকাৰীৰ সন্দৰ্ভটো জেংৰাইমুখ থানাত ফুলনি শাখাৰ বৰ্তমানৰ পৰিচালক প্ৰাঞ্জল প্ৰতীম বৰাই এজাহাৰ দাখিল কৰিছে।

এজাহাৰৰ ভিত্তিত ৰুনা চৌধুৰীৰ বিৰুদ্ধে কেচ নম্বৰ ৪০/ আই পি চি ধাৰা ১২০বি/ ৪০৯/৪০৬/৪২০ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। দুয়ো পতি-পত্নী মিলি দুয়োটা শাখাতে ঋণৰ নামত সংঘটিত কৰিছে ভয়ংকৰ বিত্তীয় কেলেংকাৰী।

বৰ্তমান পাঞ্জাব নেচনেল বেংকৰ দুয়োটা শাখাতে সংঘটিত কেলেংকাৰী সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। ইফালে পাঞ্জাব নেচনেল বেংকৰ দুয়োটা শাখাতে সংঘটিত এই বিয়াগোম কেলেংকাৰী পোহৰলৈ অহাৰ পিছত কৃষি প্ৰধান মাজুলী জিলাৰ সহজ সৰল গ্ৰাহকসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

জিলাখনৰ গৰিষ্ঠ সংখ্যক গ্ৰাহকেই মাজুলীৰ অতি পুৰণি বিত্তীয় প্ৰতিষ্ঠান পাঞ্জাব নেচনেল বেংকৰ জৰিয়তে অৰ্থৰ লেন-দেন কৰে । বেংকৰ বিষয়ে বিশেষ আঁও-ভাঁও নোপোৱা সৰহ সংখ্যক গ্ৰাহকে বিভিন্ন সমস্যা লৈ শাখাসমূহলৈ যায় যদিও বেংক কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ ব্যৱহাৰ কৰি সমস্যাসমূহৰ সমাধান কৰি নিদিয়াৰ অভিযোগ কৰে বহুতো অশিক্ষিত গ্ৰাহকে ।

ইয়াৰোপৰি জিলাখনৰ সৰহভাগ কৰ্মচাৰীৰ পি এন বি শাখাৰ জৰিয়তে বেতন হয় আৰু বেংকে কৰ্মচাৰীসকলৰ লোনৰ নামত জধে-মধে লোনৰ কিস্তি কাটে বুলি কৰ্মচাৰীসকলে দীৰ্ঘদিনে অভিযোগ কৰি আহিছে আৰু বৰ্তমানৰ কেলেংকাৰী পোহৰলৈ অহাত গ্ৰহকসকলে তেওঁলোকৰ যধে-মধে কটা টকাবোৰো এনেদৰে পি এন বি শাখাত হৰলুকি হয় বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু গ্ৰাহকসকলে মাজুলীৰ শাখাসমূহৰ ওপৰত এক উচ্চ পৰ্য্যায়ৰ তদন্ত হব লাগে বুলি পাঞ্জাব নেচনেল বেংকৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনায় ।

উল্লেখযোগ্য যে, আজিৰ পৰা প্ৰায় দুবছৰ পূৰ্বেও পাঞ্জাৱ নেচনেল বেংকৰ কমলাবাৰী শাখাত প্ৰায় ২০ লাখ টকাৰ কেলেংকাৰী সংঘটিত কৰি শাখাটোৰ এজন কৰ্মচাৰী নিলম্বিত হৈছিল । এনে পৰিস্থিতিত ৰক্ষকেই ভক্ষক হৈ পৰা মাজুলীৰ পাঞ্জাৱ নেচনেল বেংকৰ বিষয়া কৰ্মচাৰীসকলক নাকী লগাবলৈ ঊৰ্ধতম কৰ্তৃপক্ষক মাজুলীবাসীয়ে দাবী জনায় ।

পাঞ্জাৱ নেচনেল বেংকত লক্ষাধিক টকাৰ কেলেংকাৰী পতি-পত্নীৰ
আজি প্ৰথমবাৰৰ বাবে আই পি এলৰ মেচ অনুষ্ঠিত কৰিবলৈ গৈ আছে অসমে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in