ইন্দ্ৰ ধনুশ গেছ গ্ৰিড লিমিটেডৰ পৰা মাটিৰ ক্ষতিপূৰণ আদায়ৰ নামত ভয়াৱহ কেলেংকাৰী

জীৱিত দুই ব্যক্তিক মৃত সজাই চৰকাৰী লাট গাঁওবুঢ়া পিণ্টু ফুকনে দিলে প্ৰমাণ পত্ৰ
ইন্দ্ৰ ধনুশ গেছ গ্ৰিড লিমিটেডৰ পৰা মাটিৰ ক্ষতিপূৰণ আদায়ৰ নামত ভয়াৱহ কেলেংকাৰী

ডিজিটেল সংবাদ,ছয়দুৱাৰ: গেছ পাইপ লাইন স্থাপন কৰা মাটিৰ অংশৰ স্থানৰ বিপৰীতে মাটিৰ গৰাকীক আদায় দিবলগীয়া ক্ষতিপূৰণ আদায়ৰ এক চৰকাৰী প্ৰক্ৰিয়াত গহপুৰত সংঘটিত হৈছে ভয়াৱহ কেলেংকাৰী । য'ত জীৱিত দুই ব্যক্তিক মৃত সজাই ব্যাপক জালিয়াতি সংঘটিত কৰাৰ এক ভয়াৱহ তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে।

উল্লেখযোগ্য গুৱাহাটী-নুমলীগড় গেছ পাইপ লাইন প্ৰকল্প কাৰ্যলয়ৰ অধীনত ইন্দ্ৰধনুশ গেছ গ্ৰিড লিমিটেডে গহপুৰ মহকুমাৰ বিভিন্ন স্থানত গেছ সৰবৰাহৰ পাইপ স্থাপনৰ কাম অব্যাহত ৰাখিছে। এই পাইপ লাইনসমূহ যি স্থানৰ মাজেৰে স্থাপন কৰা হৈছে সেই স্থানৰ মাটিৰ গৰাকীক নিদ্ধাৰিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰি আহিছে ইন্দ্ৰধনুশ গেছ গ্ৰিড লিমিটেডে।

এই ক্ষতিপূৰণ আদায়ৰ প্ৰক্ৰিয়াত স্থানীয় চৰকাৰী লাট গাঁওবুঢ়াৰ পৰা আৰম্ভ কৰি লাট মণ্ডললৈকে ভূমি দখলৰ এক চৰকাৰী প্ৰতিবেদনৰ প্ৰয়োজন হয়। কিন্তু, গহপুৰ মহকুমাৰ গহপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙাইগাঁৱৰ(বড়িগাঁও) ২ কঠা ৬ লোচা ম্যাদী মাটিত পাইপ লাইন বহুৱাৰ বিপৰীতে আদায় পাবলগীয়া প্ৰায় ২.৫০ লাখ টকাৰ ক্ষতিপূৰণৰ আদায়ৰ নামত যি কেলেংকাৰী সংঘটিত হৈছে সেই কেলেংকাৰীয়ে চকু কপালত তুলিছে সচেতন ৰাইজৰ।

জানিব পৰা মতে চেঙাইগাঁৱৰ ৪৩ নং ম্যাদী পট্টা আৰু ১৩৮ নং দাগৰ মাটিৰ পট্টাদাৰসকল হৈছে ক্ৰমে বিজয় চন্দ্ৰ বৰা,লক্ষীকান্ত বৰা,নলিনী শইকীয়া, ভূপেন শইকীয়া আৰু কমল ভূঞা। সেই অনুসৰি, উক্ত পট্টাৰ ২ কঠা ৬ লোচা মাটিৰ মাজেৰে যোৱা পাইপ লাইনৰ ক্ষতিপূৰণৰ ধন উক্ত ৫ গৰাকী পট্টাদাৰে সমানে ভাগ পাব লাগে।

গুৰুত্বপূৰ্ণ কথা ১ নং চেঙাইগাঁও লাটৰ চৰকাৰী লাট গাঁওবুঢ়া পিণ্টু ফুকনে উক্ত মাটিৰ প্ৰথম দুগৰাকীসহ পট্টাদাৰ ক্ৰমে বিজয় চন্দ্ৰ বৰা আৰু লক্ষীকান্ত বৰা(অমূল্য)ক মৃত বুলি ভুৱা প্ৰমাণ পত্ৰ দি পিছৰ ৩গৰাকীসহ পট্টাদাৰ ক্ৰমে নলিনী শইকীয়া, ভূপেন শইকীয়া আৰু কমল ভূঞাক পাইপ লাইনৰ ক্ষতিপূৰণৰ ধন আদায় দিবলৈ ভয়াৱহ জালিয়াতি সংঘটিত কৰে গাঁওবুঢ়া পিণ্টু ফুকনে।

এই কেলেংকাৰীৰ সমূদায় তথ্য বিজয় চন্দ্ৰ বৰা আৰু লক্ষীকান্ত বৰাই ইন্দ্ৰধনুশ গেছ গ্ৰিড লিমিটেডৰ নাৰায়ণপুৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰাৰ পিছত তেওঁলোকে উক্ত জালিয়াতি কাণ্ডৰ বিৰূদ্ধে উপযুক্ত ন্যায় বিচাৰি ইতিমধ্যে গহপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰখনত মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰ দি উত্তৰাধিকাৰীৰ ভুৱা চহীৰে প্ৰস্তুত কৰা নটাৰী শপতনামা দাখিল কৰি মাটিৰ ক্ষতিপুৰণ আদায়ৰ বাবে নথি-পত্ৰ জমা দিয়াৰ সমস্ত কাহিনী বৰ্ণনা কৰিছে এজাহাৰকাৰী বিজয় চন্দ্ৰ বৰা আৰু লক্ষীকান্ত বৰাই।

মৃত বুলি দেখুওৱাৰ লগতে পট্টাদাৰ লক্ষীকান্ত বৰাৰ পুত্ৰ জয়ন্ত বৰাৰ চহী জালিয়াতি কৰি নটাৰী শপতনামা প্ৰস্তুত কৰা বুলিও উথাপিত অভিযোগত প্ৰকাশ । আৰক্ষীয়ে এইক্ষেত্ৰত নিখুঁট তদন্ত কৰিলে এই কেলেংকাৰীত নাম সাঙোৰ খাই পৰাৰ পূৰ্ণ সম্ভাৱনা আছে গহপুৰ ৰাজহ চক্ৰৰ উক্ত লাটৰ সংশ্লিষ্ট লাট মণ্ডলগৰাকীৰ নামো।

লাট গাঁওবুঢ়া আৰু লাট মণ্ডলৰ প্ৰতিবেদন অনুসৰি উক্ত মাটিত নলিনী শইকীয়াৰ ঠাইত অকণ্টি শইকীয়া আৰু ভূপেন শইকীয়া, কমল ভূঞাই ভোগ দখল কৰি আছে। য'ত অস্তিত্বহীন কৰি তোলা হৈছে বিজয় চন্দ্ৰ বৰা আৰু লক্ষীকান্ত বৰাৰ নাম।

ঘটনা সংক্ৰান্তত গহপুৰ আৰক্ষীয়ে কমল ভূঞা(৪৮)ৰ লগতে টংকেশ্বৰ গগৈ(৫৩)নামৰ এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰি কালি বিশ্বনাথ জেল হাজোতলৈ প্ৰেৰণ কৰে। বিজয় চন্দ্ৰ বৰা আৰু লক্ষীকান্ত বৰাই গহপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰখনত চেঙাইগাঁৱ(বড়িগাঁও)ৰ নলিনী শইকীয়া, কমল ভূঞা, ভূপেন শইকীয়া আৰু লোহিতমুখ পিছলাৰ ৰক্তিম দলেৰ নামো অভিযুক্ত হিচাপে উল্লেখ কৰিছে।

এইক্ষেত্ৰত গহপুৰ আৰক্ষীয়ে এক উপযুক্ত তদন্ত চলালে এই কেলেংকাৰীৰ লগত জড়িত বহুলোক জেললৈ যোৱাটো নিশ্চিত বুলি স্থানীয় ৰাইজে মতপোষণ কৰিছে।জানিব পৰা মতে,উক্ত কেলেংকাৰীৰ মূল অভিযুক্ত চৰকাৰী লাট গাঁওবুঢ়া পিণ্টু ফুকনক বিচাৰি গহপুৰ আৰক্ষীয়ে অভিযান চলাইছে যদিও গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰিছে গাঁওবুঢ়া পিণ্টু ফুকন।

ইন্দ্ৰ ধনুশ গেছ গ্ৰিড লিমিটেডৰ পৰা মাটিৰ ক্ষতিপূৰণ আদায়ৰ নামত ভয়াৱহ কেলেংকাৰী
ডিমৌ জ্যেষ্ঠ উ:মা: বিদ্যালয়ৰ উল্লেখনীয় পদক্ষেপ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in