ডিমৌ জ্যেষ্ঠ উ:মা: বিদ্যালয়ৰ উল্লেখনীয় পদক্ষেপ

নৈসৰ্গিক সৌন্দৰ্য্যৰে ভৰা ডিমৌ নদীৰ পাৰত তৃপ্তিৰে এসাঁজ খাই ৰাইজে আনন্দ মনেৰে কাৰ্যসূচী সামৰণি মাৰে
ডিমৌ জ্যেষ্ঠ উ:মা: বিদ্যালয়ৰ উল্লেখনীয় পদক্ষেপ

ডিজিটেল সংবাদ,চিলাপথাৰ : "অতীতক নাযাবা পাহৰি। অতীতৰ বোকোচাতে উঠি বৰ্তমানে পূৰ্ণতা লাভ কৰে।" এই মন্তব্য চিলাপথাৰৰ ডিমৌ চিনিয়ৰ চেকেণ্ডৰী স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰকান্ত দিহিঙীয়াৰ।

বুধবাৰে বিদ্যালয়খনত অনুষ্ঠিত এক সম্বৰ্দ্ধনা সভাত ভাৰপ্ৰাপ্ত অধ্যক্ষ দিহিঙীয়াই এইদৰে কয়। উল্লেখযোগ্য যে অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ডিমৌ চাৰি আলিত ১৯৯৭ চনত প্ৰতিষ্ঠা লাভ কৰে ডিমৌ জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ( জুনিয়ৰ কলেজ)।

অতিকৈ পিছপৰা অঞ্চলটোত স্থাপিত অনুষ্ঠানখনে উচ্চ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰি আহিছে। ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা অনুষ্ঠানখনৰ ভূমিষ্ঠ কালৰ পৰা জড়িত থাকি বৰেণ্য অৰিহণা আগবঢ়াই অহা লোকসকলৰ সন্মানাৰ্থে আজি বিদ্যালয় প্ৰাংগনত এক সম্বৰ্দ্ধনা সভাৰ অনুষ্ঠিত হয়।

বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি দিব্য কুমাৰ মিলিয়ে সভা সঞ্চালকৰ মেজৰ পৰা কয় যে এইসকল সমাজ হিতৈষীৰ ঐক্লান্তিক প্ৰচেষ্টাতে স্থাপন হোৱা এইসকল বৰেণ্য ব্যক্তিৰ দুৰ্মূল্য অৱদানৰ বাবেই হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ বাট দেখিছে। সংস্থাপিত হৈ আছে বহু শিক্ষিত নিবনুৱা। এইসকল বৰেণ্য লোকৰ অৰিহণা সদায় স্মৰণীয় আৰু আদৰ্শ হৈ ৰ'ব বুলি আন্তৰিকতাৰে শলাগ লয়।

অনুষ্ঠানটিত বিদ্যালয়ৰ বাবে বিশেষ বৰঙণি আগবঢ়োৱা পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰমাকান্ত চুংক্ৰাং,উপ সভাপতি মহেন্দ্ৰ বৰুৱা পেগু,সদস্য মহেন পেগু, গাওঁবুঢ়া ধনপতি মিলি আৰু লোক চন্দ্ৰ চুতীয়া,দিলীপ কুমাৰ দলে, ৰাম চন্দ্ৰ চুংক্ৰাং, নন্দেশ্বৰ পেগু,যোগেশ দলে, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সদস্য কনক দলে আদি কুৰিজন বিশিষ্ট লোকক বিহুৱানৰে সম্বৰ্ধনা জনায়।

বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক ডঃ গজেন মিপুনৰ লগতে কেইবাজনেও কলেজখনৰ প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে ৰসাল অভিজ্ঞতা সাঙৰি বক্তব্য প্ৰদান কৰে। লক্ষ্যনীয় যে অনুষ্ঠানখনৰ ভূমিষ্ঠ কালৰে পৰা বাঁহ কাঠৰ পৰা ভূমি পৰ্যন্ত দান কৰি বহু সহযোগীতা আগবঢ়াই আহিছে অঞ্চলটোৰ বহু সমাজ সচেতক লোকে।

ইয়াৰে বহুজনে ইতিমধ্যে পৃথিৱীৰ পৰা চিৰ বিদায় মাগিলে। সভাৰ শেষত ডিমৌ নদীৰ পাৰত আয়োজন কৰে এক প্ৰীতিভোজৰ। নৈসৰ্গিক সৌন্দৰ্য্যৰে ভৰা ডিমৌ নদীৰ পাৰত তৃপ্তিৰে এসাঁজ খাই ৰাইজে আনন্দ মনেৰে কাৰ্যসূচী সামৰণি মাৰে।

ডিমৌ জ্যেষ্ঠ উ:মা: বিদ্যালয়ৰ উল্লেখনীয় পদক্ষেপ
ভাৰত স্কাউট এণ্ড গাইডৰ প্ৰশিক্ষক নিধীৰাম শইকীয়াৰ পৰলোকপ্ৰাপ্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in