/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ca84ef18-0856-46f9-ad9c-ba60d0d32208/saul.jpg)
ডিজিটেল সংবাদ, নামৰূপ : ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সুলভ মূল্যৰ চাউল বিতৰণৰ নামত ভয়ংকৰ কেলেংকাৰী। ডিব্ৰুগড় জিলা খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ নামৰূপ সমবায় সমিতি লিমিটেডত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সুলভ মূল্যৰ চাউল বিতৰণৰ নামত ভয়ংকৰ কেলেংকাৰীৰ হোৱাৰ তথ্য পোহৰলৈ আহিছে।
জানিব পৰা মতে সোমবাৰে ডিব্ৰুগড় জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক আৰু ক্ষেত্ৰ বিষয়া শান্তনু দাসৰ নেতৃত্বত পৰ্যবেক্ষনৰ বাবে আহে এটি দল। দলটিয়ে নামৰূপ আৰক্ষীৰ সহযোগত নামৰূপ সমবায় সমিতিৰ কাৰ্য্যালয়ত উপস্থিত হৈ তদন্ত কৰাত ঘটনাৰ উৰহি গছৰ ওৰ ওলাই পৰে।
বিভাগীয় পৰিদৰ্শকগৰাকীয়ে জনোৱা অনুসৰি দীৰ্ঘদিনে নামৰূপ সমবায়ৰ সচিব পবিত্ৰ বৰগোহাঞি ( বিজয়)ক চাউল বিতৰণৰ অভিযোগ সন্দৰ্ভত সুধিবলৈ বহুবাৰ যোগাযোগ কৰিও সঁহাৰি নোপোৱাত বিষয়াগৰাকীয়ে যোৱা শনিবাৰে নিজে নামৰূপ সমবায় কার্যালয়লৈ আহে যদিও কাৰ্যালয় বহুদিন ধৰি বন্ধ অৱস্থাত হৈ থকাৰ কথা জানিব পাৰে। সেই সময়তে একাংশ এজেন্টে সমবায় সচিবগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5aeae134-1534-4d76-8ae2-0e597b04f98b/2c85fb23_d3a0_46e9_99f7_e63a443456f2.jpg)
আজি বিভাগীয় বিষয়াসহ পৰিদৰ্শক শান্তনু দাসে সমবায়ত উপস্থিত হৈ নামৰূপ আৰক্ষীৰ উপস্থিতিত তলা খুলি খালী গুদাম ঘৰ দেখি হতবাক হৈ পৰে। আনহাতে গুদাম ঘৰটোও অত্যন্ত পৰিত্যক্ত, আৰু অস্বাস্থ্যকৰ অৱস্থাত কেইবস্তা মান চাউল পৰি থকা দেখা পায় ।
উল্লেখযোগ্য যে বিভাগীয় তথ্য মতে নামৰূপ সমবায় লৈ নিৰ্ধাৰিত অত্যাৱশ্যকীয় সামগ্ৰী চৰকাৰী বিভাগৰ পৰা নিয়মীয়াভাৱে পঠোৱা হৈছে আৰু জুন মাহৰ বাবে আবন্তিত ১০৮২কে জি সুলভ মূল্যৰ চাউলো ইতিমধ্যে নামৰূপ সমবায়ে গ্ৰহণ কৰিছে ।কিন্তু আজি প্ৰত্যক্ষ হোৱা খালী গুদামে সুলভ মূল্যৰ চাউলৰ যে কলা বেপাৰ চলিছে ইয়াক স্পষ্ট ৰূপত প্ৰতিপন্ন কৰে।
আনহাতে নামৰূপ সমবায়ৰ অন্তৰ্গত নামৰূপ জয়পুৰ মিলাই ৩৬ জন সক্ৰিয় এজেন্ট আছে। ইফালে ১৬জন এজেন্টে মে' মাহৰো চাউল নোপোৱাৰ অভিযোগ কৰে। লক্ষণীয় যে দীৰ্ঘদিনে নামৰূপ সমবায়ৰ সচিবৰ দায়িত্বত থকা পবিত্ৰ বৰগোহাঞিয়ে নীতিবহীৰ্ভূতভাৱে ভতিজাক প্ৰবাল বৰগোহাঞিক দায়িত্ব দি কাম চলাই আছিল।
সম্প্ৰতি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ডিব্ৰুগড় জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা সচিবগৰাকীৰ এনে কাণ্ডৰ সন্দৰ্ভত এখন এজাহাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a483b613-0561-45bd-8613-0d040427d21f/b7594480_e62f_40d0_b3f4_04af982e40b6.jpg)
Also Read: বিহালীত বৃহৎ পৰিমানৰ গাঞ্জাসহ ৫ জনক আটক