
ডিজিটেল সংবাদ,বিশ্বনাথঃ বিহালীত গাঞ্জাসহ আটক ৫ সৰবৰাহকাৰী। সোমবাৰে বিহালী আৰক্ষী আৰু জিনজিয়া আৰক্ষীৰ এটা দলে বিশ্বনাথ জিলা অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পমখেদি প্ৰায় ১০ লাখ টকা মূল্যৰ ৬৪ কেজি গাঞ্জা জব্দ কৰে ৷
জানিব পৰা মতে বিহালীৰ অসম-অৰুণাচল সীমান্তৱৰ্ত্তী এলেকাৰ বিহমাৰীৰ উমেশ পায়েঙ নামৰ গাঞ্জা বেপাৰীটোৰ বাসগৃহৰ পৰা প্ৰায় ৬৩ কেজি গাঞ্জাসহ AS-12V-9183 নম্বৰৰ মাৰুতি ভান এখন উদ্ধাৰ কৰি জব্দ কৰে।ইয়াৰোপৰি বিহালীৰ টেলেঙণীয়াৰ কমল দাসৰ বাসগৃহৰ পৰা প্ৰায় ২ কেজি গাঞ্জা উদ্বাৰ কৰে ৷
উল্লেখ যে অভিযানকাৰী দলটোৱে গাঞ্জাসহ ৫ গৰাকী গাঞ্জা বেপাৰীক আটক কৰে ৷ ধৃত গাঞ্জা বেপাৰী কেইজন হৈছে বিহমাৰী গাঁৱৰ উমেশ পায়েঙ (৫৫), টেলেঙনীয়া গাঁৱৰ কমল দাস (৬০), গোবিন্দ দাস (২৫), চেৰেলীয়াৰ বিজুলীজাৰণিৰ ৰফিক খান (৬৫) আৰু মদন মহানন্দীয়া (৩৬) ৷ সম্প্ৰতি বিহালী আৰক্ষীয়ে ধৃত গাঞ্জা বেপাৰীকেইজনক অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰাখিছে ৷