গুৱাহাটীত গ্ৰেপ্তাৰ ৰাজস্থানৰ চোৰাং সোণ সৰবৰাহকাৰী...

গুৱাহাটীত গ্ৰেপ্তাৰ ৰাজস্থানৰ চোৰাং সোণ সৰবৰাহকাৰী...
গুৱাহাটীত গ্ৰেপ্তাৰ ৰাজস্থানৰ চোৰাং সোণ সৰবৰাহকাৰী...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। বৃহস্পতিবাৰে পুৱাই মহানগৰ আৰক্ষী আৰু এছ টি এফে চলোৱা যুটীয়া অভিযানত ৪ জনকৈ চোৰাং সোণ সৰবৰাহীক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৫০০ গ্ৰাম চোৰাং সোণ।

গ্ৰেপ্তাৰ হোৱা সোণ সৰবৰাহকাৰীসকলৰ ভিতৰত আছে এগৰাকী মহিলাও। উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা জোৰাবাটত আৰক্ষীয়ে চলাইছিল এই অভিযান। তেওঁলোকে এখন বাহনত তালাচী চলাই এই সফলতা লাভ কৰিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰি চোৰাং সৰবৰাহকাৰীসকল ক্ৰমে ইনায়ট আলী (৩০), জন্নত বেগম (৫৬), মহম্মদ ইউছুফ (৩৮) আৰু বীৰু সিং। ইয়াৰে বীৰু সিং আছিল বাহনখনৰ চালক। তেওঁৰ ঘৰ মেঘালয়ৰ ইষ্ট খাচী হিলছত। আনহাতে গ্ৰেপ্তাৰ হোৱা আনসকলৰ ঘৰ ৰাজস্থানৰ যোধপুৰত।

গুৱাহাটীত গ্ৰেপ্তাৰ ৰাজস্থানৰ চোৰাং সোণ সৰবৰাহকাৰী...
অসম ৰাইফলছ আৰু NSCN (KYA) ৰ মাজত সংঘৰ্ষঃ দুধৰ্ষ কেডাৰ নিহত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in