ব্যতিক্ৰমী কাহিনীৰে অসমৰ ছবিগৃহলৈ আহি আছে "সত্য-THE TRUTH"

চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা উৎপল দাস তথা নৱাগত অভিনেতা ৰাকেশ বৰুৱাই। মুখ্য চৰিত্ৰত অভিনয় কৰা উৎপল দাসৰ অভিনয়ত নতুনত্ব প্ৰকাশ পাইছে।
ব্যতিক্ৰমী কাহিনীৰে অসমৰ ছবিগৃহলৈ আহি আছে "সত্য-THE TRUTH"

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মুক্তি পাব নতুন অসমীয়া বোলছবি "সত্য-THE TRUTH"।  এক ব্যতিক্ৰমী কাহিনীৰে নিৰ্মিত হৈছে এই অসমীয়া ছবিখন ৷ পুৰুষ সমকামিতাৰ কাহিনীৰ আধাৰত চিটি প্ৰডাকচনৰ বেনাৰত পৰিচালক ৰূপজ্যোতি বৰঠাকুৰে নিৰ্মাণ কৰিছে এইখন ছবি ৷ ছবিখনৰ পৰিকল্পনা চন্দন তালুকদাৰৰ, প্ৰযোজনা তিলোত্তমা তালুকদাৰ, পৰিচালনা কৰিছে ৰূপজ্যোতি বৰঠাকুৰে আৰু কাহিনী উৎপল উপমান্যৰ।

অসমৰ সৰ্বমুঠ ৩৮ টা ছবিগৃহতে প্ৰদৰ্শিত হ'ব "সত্য-THE TRUTH" । মহানগৰীৰ ৯ টা ছবিগৃহত দৰ্শকে উপভোগ কৰিব পাৰিব নতুন অসমীয়া ছবিখন। গুৱাহাটীৰ অনুৰাধা ছবিগৃহত সন্ধিয়া ৮ বজাৰ পৰা প্ৰদৰ্শিত হ'ব ছবিখন । দুপৰীয়া ২.৪৫ বজাৰ পৰা চিটি চেন্টাৰৰ পিভিআৰত , চিনেপলিছত সন্ধিয়া ৭.২৫ বজাত , মেট্ৰিস্ক ছবিগৃহত ৬.২০ বজাত, এন চি স্কোৱাৰৰ আইনস্কত দুপৰীয়া ১.২৫ বজাত, এ এচ টি চি গ'ল্ডত সন্ধিয়া ৫ বজাত , নাৰেংগী গ'ল্ডত ২ বজাত , প্ৰাগজ্যোতি চিনেমা হলত ২ বজাত আৰু আৰ আৰ ছবিগৃহত ৪.৪৫ বজাত প্ৰদৰ্শিত হ'ব "সত্য-THE TRUTH" ছবিখন।

ইয়াৰ লগতে বঙাইগাওঁ, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, শিৱসাগৰ, নগাওঁ, মৰিগাওঁ, গোলাঘাট আদিটো প্ৰদৰ্শিত হ'ব এই ছবিখন।

User
User

চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা উৎপল দাস তথা নৱাগত অভিনেতা ৰাকেশ বৰুৱাই। মুখ্য চৰিত্ৰত অভিনয় কৰা উৎপল দাসৰ অভিনয়ত নতুনত্ব প্ৰকাশ পাইছে। ইয়াৰোপৰি চিনেমাখনত অভিনয় কৰিছে উদয়ন দুৱৰা, ডৰথী ভৰদ্বাজ, মহেশ বৰা, সুমন দাস আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

উল্লেখ্য যে, ছবিখনে বিশ্বৰ ৪১ খন দেশৰ ১১০ খন চিনেমা প্ৰদৰ্শিত হোৱা কশিষ: মুম্বাই আন্তঃৰাষ্ট্ৰীয় কুয়েৰ চলচ্চিত্ৰ মহোৎসৱত "সত্য-THE TRUTH"ক ইণ্ডিয়ান নেৰেটিভ চেন্টাৰপিচ বোলছবি হিচাপে প্ৰদৰ্শিত কৰা হয় । লগতে মুম্বাইতো ২০২৩ চনৰ আগষ্টত অনুষ্ঠিত হোৱা ১১ সংখ্যক ভাৰতীয় চিনে চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে জুৰীৰ বিশেষ উল্লেখ লাভ কৰিবলৈ সক্ষম হয় । তদুপৰি চিকাগো দক্ষিণ এচিয়ান চলচিত্র মহোৎসৱত যোৱা চেপ্তেম্বৰত চিকাগো চহৰত এই ছবিখন প্ৰদৰ্শিত হৈছে।

ব্যতিক্ৰমী কাহিনীৰে অসমৰ ছবিগৃহলৈ আহি আছে "সত্য-THE TRUTH"
ঘিলামৰাত সুচল পথ বিচাৰি ভুক্তভোগীৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in