ঘিলামৰাত সুচল পথ বিচাৰি ভুক্তভোগীৰ প্ৰতিবাদ

ঘিলামৰাত সুচল পথ বিচাৰি ভুক্তভোগীৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত সুচল পথ বিচাৰি ভুক্তভোগীৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,ঢকুৱাখনা: বান আৰু গৰাখহনীয়াই বিপন্ন আৰু বিধ্বস্ত কৰা লোকনিৰ্মান বিভাগৰ এটা পথৰ পুনৰ নিৰ্মান আৰু স্থায়ী গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা বিচাৰি বৃহস্পতি বাৰে সবল প্ৰতিবাদ সাব্যস্ত হয় ঘিলামৰাত। ঢকুৱাখনা মহকুমাৰ দক্ষিণ ঘিলামৰা অঞ্চলবাসী ৰাইজৰ সহযোগিতাত বৃহস্পতি বাৰে এই ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰা হয়।

Advertisment

ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগৰ অন্তৰ্গত চামপৰা লেফ্ট বেংকৰ পৰা দক্ষিণ গাঁও , কেছেৰুগুৰি ,শিয়ালমাৰী আদি গাঁও সংযোগী লোকনিৰ্মান বিভাগৰ পথটো চামপৰা নদীৰ বানৰ ভয়াবহ হেঁচা আৰু গৰা খহনীয়াৰ ফলত যোৱা ২০২৩ বর্ষত সৰ্বাধিক ক্ষতিগ্ৰস্ত হয়। দৈনিক হাজাৰ বিজাৰ পথচাৰী যাতায়ত কৰা এই গুৰুত্বপূৰ্ণ পথটোৰ অৰ্ধ অংশ নদীৰ বুকুত জাহ যোৱাৰ ফলত ১০ খন গাঁওৰ ৰাইজ সীমাহীন যন্ত্ৰণা ভুগি যাতায়ত অব্যাহত ৰাখি আহিছে। এই সন্দৰ্ভত বাৰম্বাৰ বিধায়ক নৱ দলে ,সাংসদ প্রদান বৰুৱাৰ লগতে লোকনিৰ্মান বিভাগক ৰাইজে দাবী জনায় আহিছে। বিধ্বস্ত পথটোৰ পুনৰ নিৰ্মাণৰ বাবে ।

কিন্তু এইখিনি দুৰ্ভগীয়া ৰাইজে ভুগি অহা জটিল সমস্যাটোৰ আজি পৰ্যন্ত স্থায়ী সমাধানত গুৰুত্ব নিদিলে এনেবোৰ অকমন্য জনপ্ৰতিনিধিয়ে । লোকনিৰ্মান বিভাগ আৰু জনপ্ৰতিনিধিৰ এনে উদাসীন ভূমিকাত অতিষ্ঠ হৈ বৃহস্পতি বাৰে গাঁওবাসী ভুক্তভোগী ৰাইজ আৰু নিখিল ভাৰত কৃষক সভাৰ ঘিলামৰা আঞ্চলিক সমিতি আৰু দক্ষিণ বাংক্লেং শাখা সমিতিৰ নেতৃত্বত সাব্যস্ত কৰা হয় প্ৰতিবাদ।

ভুক্তভোগী ৰাইজে ঘিলামৰা কৃষ্টি ভৱন প্ৰাঙ্গনত সমবেত হৈ প্ৰতিবাদী সমদল কৰি লোকনিৰ্মান বিভাগৰ সংমণ্ডল কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান কৰি প্ৰাপ্য অধিকাৰ বিচাৰি বিভিন্ন শ্লোগান দিয়ে । বহাগ বিহুৰ আগতে বালিয়নী গা ডাঙৰ চুক লোকনিৰ্মান পথৰ ভগ্ন অংশ মেৰামতি সহ বিজ্ঞানসন্মত ভাবে সুৰক্ষা দিয়া,,বাংক্লেং কোঁৱৰবাৰী পথৰ চিগা অংশ তৎকালে পুনৰ নিৰ্মান কৰা আদি মুঠ ৪টা দাবীত শ্লোগান দি কৰি অহা ৰাজহুৱা প্ৰতিবাদৰ মাজতে কাৰ্যবাহী অভিযন্তা আহি ৰাইজৰ সন্মুখত উপস্থিত হৈ ৰাইজৰ দাবী সন্দৰ্ভত বুজ লয় আৰু প্ৰতিবাদকাৰীৰে মত বিনিময় কৰে।

ৰাইজে নিজৰ দাবী সন্দৰ্ভত অভিযন্তা গৰাকীক অৱগত কৰি অভিযন্তা গৰাকীৰ জৰিয়তে ৰাজ্যৰ লোকনিৰ্মান বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অহা বান বাৰিষাৰ পূৰ্বেস্মাৰক পত্ৰত উল্লেখিত জৰাজীৰ্ণ আৰু বিপদ সংকুলপথ সমূহ যাতায়তৰ উপযোগী কৈ নিৰ্মাণৰ বাবে পুঁজি মোকলাই দিয়াৰ লগতে ভগ্ন জৰাজীৰ্ণ পথৰ পুনৰ নিৰ্মাণৰ দাবী জনায় বিভাগীয় মন্ত্ৰী গৰাকীক।

স্মাৰক পত্ৰত স্বাক্ষৰকাৰী ব্ৰজেন বৰা ,দন্দেশ্বৰ চেতিয়া ,দুৰ্গেশ্বৰ হাতী বৰুৱা ,ভোগেশ্বৰ লাহনে দক্ষিণ, বাংক্লেং, শিয়ালমাৰী ,কোঁৱৰ বাৰী আদি প্ৰায় ১০খন গাঁওৰ উমৈহতীয়া জীৱন ৰেখা স্বৰূপ পথটোৰ জৰাজীৰ্ণ আৰু বিপদ সংকুল অৱস্থাৰ অৱসান ঘটাই তাৎক্ষণিক ভাৱে নিৰ্মাণৰ দাবী জনাই কাৰ্যবাহী অভিযন্তা গৰাকীক । অভিযন্তা গৰাকীয়েও ৰাইজৰ দাবী সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰিব বুলি কৈ যাবতীয় কার্যব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী সামৰণি মৰা হয়।

Also Read: নগাঁও চহৰত মুকলি হ'ল ডেলিছিয়াচ ৰেষ্টুৰেন্ট এণ্ড কেফে