হাটশিঙিমাৰীত আটক ২ তীৰ জুৱাৰী

তীৰ জুৱাৰী দুটাৰ বিৰুদ্ধে আৰক্ষীয়ে বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে।

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰীত আটক ২ তীৰ জুৱাৰী

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত শনিবাৰে বিয়লি প্ৰায় ৪ বজাত তীৰ জুৱাৰ বিৰুদ্ধে অভিযান চলাই দুই জুৱাৰীক আটক কৰিছে আৰক্ষীয়ে। এক গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলাই খাৰুৱাবান্ধা আৰক্ষীয়ে।

Advertisment

অভিযানত ছুপাৰ মাৰ্কেটৰ পৰা জিলাখনৰ দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ ফুলেৰচৰ তৃতীয় খণ্ড গাঁৱৰ প্ৰয়াত মজিবৰ ৰহমান প্ৰধানীৰ পুত্ৰ সহিদুৰ ৰহমান প্ৰধানী (৫২) আৰু বালাডোবা গাঁৱৰ মিনহাজ উদ্দীন চৌধুৰীৰ পুত্ৰ নাছিৰুদ্দিন চোধুৰী (৫৪)ক আটক কৰে। লগতে তেওঁলোকৰ পৰা ৪খন তীৰ খেলৰ হিচাপ বহী আৰু নগত ৩৪,৫৪০ টকা জব্দ কৰিছে। আনহাতে তীৰ জুৱাৰী দুটাৰ বিৰুদ্ধে আৰক্ষীয়ে বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে।

খাৰুৱাবান্ধা আৰক্ষী চকীৰ নিচেই কাষত থকা হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত দীৰ্ঘ দিনৰ পৰা তীৰ-জুৱা চলি থকা পৰিলক্ষিত হৈছিল। ইয়াৰ মাজতে হঠাৎ শনিবাৰে খাৰুৱাবান্ধা আৰক্ষীয়ে তীৰৰ বিৰুদ্ধে অভিযান চলাই দুজনক কৰায়ত্ব কৰাত বাকী তীৰ জুৱাৰীসকলকো কৰায়ত্ব কৰিবলৈ ভিন্ন মহলত দাবী উত্থাপন হয়। উল্লেখ্য জিলাখনত অতি কমেও শতাধিক স্থানত এনে তীৰ খেল আৰক্ষীক মেনেজ কৰি চলি থকা বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ আছে।

Also Read: ডুৰাণ্ড কাপঃ প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতিত কোকৰাঝাৰত আৰম্ভ লীগ মেচ

Assam police