হাটশিঙিমাৰীত SUCIৰ গণ বিক্ষোভ কাৰ্যসূচী

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত এছইউচিআই কমিউনিষ্ট দলৰ জিলা সমিতিয়ে এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰীত SUCIৰ গণ বিক্ষোভ কাৰ্যসূচী

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত সোমবাৰে এছইউচিআই কমিউনিষ্ট দলৰ জিলা সমিতিয়ে এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীত এইচ-এম পথ পুনৰ নিৰ্মাণৰ লগতে বৰলুইতৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই জিলা আয়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

Advertisment

দিনৰ প্ৰায় ১.৩০ বজাত এছইউচিআই কমিউনিষ্ট দলৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিয়ে পথ নিৰ্মাণ আৰু গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত এই গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। দীৰ্ঘদিনৰ পৰা হাটশিঙিমাৰী-মানকাচৰ এইচ-এম পথ বিধ্বস্ত হৈ প্ৰায় সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈ পৰিছে। জিলাবাসীৰ লাইফ লাইন সদৃশ এই পথটো দীৰ্ঘদিনে গড়কপ্তানি বিভাগে পুনৰ নিৰ্মাণ কৰাতো দূৰৰে কথা মেৰামতি পৰ্যন্ত কৰা পৰিলক্ষিত হোৱা নাই।

আছু, তৃণমূল কংগ্ৰেছকে ধৰি একাংশ দল-সংগঠনে ইতিমধ্যে পথ পুনৰ নিৰ্মাণৰ দাবীত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। কিন্তু তাৎপৰ্যপূৰ্ণ ভাবে আজিলৈ পথটো পুনৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ গড়কপ্তানি বিভাগে কোনো ব্যৱস্থা হাতত লোৱা নাই। শেহতীয়াকৈ আছুয়ে পথ অৱৰোধ কৰি পথটো পুনৰ নিৰ্মাণৰ দাবী জনোৱাৰ পাছত ৰাজ্যপালক এখন স্মাৰত পত্ৰও প্ৰদান কৰিছিল। ৰাজ্যপালগৰাকীৰ নিৰ্দেশ মৰ্মে গড়কপ্তানি বিভাগে ইতিমধ্যে ৩ কোটি ১৪ লাখ টকা মেৰামতিৰ বাবে অনুমোদন দিছে যদিও উক্ত ধন আৱণ্টন হোৱা নাই বুলি জানিব পৰা গৈছে।

এইচ-এম পথেৰে ৰাইজে ভীষণ অসুবিধাৰ মাজত যাতায়ত কৰিবলগীয়া হোৱাত সোমবাৰে গণ বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে এছ ইউ চি আই দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। এটা সময়ত প্ৰতিবাদকাৰীসকল জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত সমবেত হৈ প্ৰায় আধা ঘণ্টা সময় উত্তাল শ্ল’গান দি জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদৰ আকাশ-বতাহো কঁপাই তোলাৰ পৰিলক্ষিত হয়।

উল্লেখ্য উক্ত স্থানত জিলা অতিৰিক্ত আয়ুক্ত ড০ হিতেশ মজুমদাৰ উপস্থিত হোৱাত তেওঁৰ সম্মুখত এখন স্মাৰক পত্ৰ পাঠ কৰি তেওঁৰ জৰিয়তে জিলা আয়ুক্তলৈ পত্ৰখন প্ৰদান কৰা হয়। স্মাৰক পত্ৰখনত হাটশিঙিমাৰীৰ পৰা মানকাচৰ হৈ ঝনঝনিলৈ গড়কপ্তানী বিভাগৰ পথটো পুনৰ নিৰ্মাণৰ দাবী জনোৱা হয়। একেদৰে জিলাখনৰ বিভিন্ন এলেকাত চলি থকা বৰলুইতৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰলৈ পত্ৰখনৰ জৰিয়তে দাবী উত্থাপন কৰে।

Also Read: উখল মাখল বটদ্ৰৱা থানঃ সামৰণি পৰিল ভাদ মাহীয়া নাম মহোৎসৱ

GOVT OF ASSAM