উখল মাখল বটদ্ৰৱা থানঃ সামৰণি পৰিল ভাদ মাহীয়া নাম মহোৎসৱ

উখল মাখল বটদ্ৰৱা থানঃ সামৰণি পৰিল ভাদ মাহীয়া নাম মহোৎসৱ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ মাহজোৰা নাম ৰখা পৰম্পৰাৰ অন্তত সোমবাৰে বটদ্ৰৱা থানত ভাদ মাহৰ নাম সামৰণি মহোৎসৱ উদযাপন কৰা হয়। কীৰ্তনঘৰত নাম সামৰণিৰ বিশেষ কাৰ্যসূচী অনুসৰি ঘোষা কীৰ্তন অনুষ্ঠিত কৰে।

সত্ৰৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো ভকত বৈষ্ণৱে হাতে হাতে তাল লৈ ভৰি চালনাৰে এই নাম সামৰণিৰ ঘোষা কীৰ্তনৰ অনুষ্ঠান পৰিবেশন কৰি বটদ্ৰৱাৰ আকাশ বতাহ মুখৰিত কৰি তোলে। বটদ্ৰৱা থানত ভাদ মাহৰ নাম সামৰণি মহোৎসৱ উপলক্ষে পুৱাৰে পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ লগতে বিয়লিৰ পৰা নিশালৈ ঘোষা কীৰ্তন অনুষ্ঠিত কৰা হয়।

উখল মাখল বটদ্ৰৱা থানঃ সামৰণি পৰিল ভাদ মাহীয়া নাম মহোৎসৱ
জামুগুৰিহাটৰ টুপিয়াত ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in