হাটশিঙিমাৰীত আটক ৩ ভুৱা সাংবাদিক

হাটশিঙিমাৰীত আটক ৩ ভুৱা সাংবাদিক

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ হাটশিঙিমাৰীৰ ফেকামাৰীত ৩গৰাকী ভুৱা সাংবাদিকক আটক কৰিছে আৰক্ষীয়ে। খাৰুৱাবান্ধা আৰক্ষীয়ে আটক কৰে ভুৱা সাংবাদিক কেইজনক। আটকাধীন ভুৱা সাংবাদিক কেইজন ক্ৰমে আখিৰুল ইছলাম, জোন বাবু আৰু সুদীপ মহন্ত।

উল্লেখ্য আখিৰুল ইছলাম আৰু জোন বাবুয়ে নিজেই বাতৰি পৰিবেশক, সাংবাদিক আৰু এডিটৰ বুলি পৰিচয় পত্ৰ বনোৱাৰ বিপৰীতে সুদীপ মহন্তই চেনেলৰ চি ই অ' বুলি বনোৱা পৰিচয় পত্ৰ কেইখন আৰক্ষীয়ে জব্দ কৰিছে। এটা চেটেলাইত চেনেলৰ নামত পৰিচয় পত্ৰ বনাই এগৰাকী শিক্ষকক ধন দাবী কৰাৰ অভিযোগ তিনিওগৰাকীৰ বিৰুদ্ধে।

শিক্ষকজনৰ গোচৰৰ ভিত্তিতেও আৰক্ষীয়ে তিনিওগৰাকীকে আটক কৰিছে। এই ঘটনাৰ সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে আটাইকেইজনৰে জেৰা অব্যাহত ৰাখিছে।

হাটশিঙিমাৰীত আটক ৩ ভুৱা সাংবাদিক
১৫ বছৰীয়া ইতিহাস থিয়েটাৰৰ নাট্যযাত্ৰাৰ মঞ্চ মুকলি কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in