১৫ বছৰীয়া ইতিহাস থিয়েটাৰৰ নাট্যযাত্ৰাৰ মঞ্চ মুকলি কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

১৫ বছৰীয়া ইতিহাস থিয়েটাৰৰ নাট্যযাত্ৰাৰ মঞ্চ মুকলি কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

ডিজিটেল ডেস্কঃ 'ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ ৰাইজৰ আত্মা স্বৰূপ। ই এক জাতীয় স্বাভিমানলৈ ৰূপান্তৰ হৈছে। মঞ্চত সম্পূৰ্ণ নাটকীয় বাতাৱৰণ অক্ষুণ্ণ ৰাখি ভ্ৰাম্যমাণ নাট্যজগতত সুস্থ ৰুচিৰ ভাল নাটক মঞ্চস্থ কৰি অহা অসমৰ এটি অন্যতম নাট্যদল হৈছে ইতিহাস থিয়েটাৰ। ভ্ৰাম্যমাণ নাট্যজগতত ১৪ টা সফল বসন্ত অতিক্ৰম কৰা ১৫ বছৰত ভৰি দিয়া ইতিহাস থিয়েটাৰ এইবাৰ উপনীত হ'ল পঞ্চদশ বৰ্ষত।'- বুধবাৰে মিৰ্জা ছোৱালী হাইস্কুল প্ৰাঙ্গণত চলিত ২০২৩-২৪ বৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভ কৰি এই মন্তব্য অসমৰ চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ।

অনুষ্ঠানত ধ্ৰুৱজ্যোতি শৰ্মা, অপূৰ্ব তালুকদাৰ আৰু নজৰুল হক সম্পাদিত ‘ইতিহাস’ শীৰ্ষক মুখপত্ৰখন উন্মোচন কৰা হয় মন্ত্ৰীগৰাকীয়ে। বিশিষ্ট নাট্যকাৰ, পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা, সাহিত্য সংগঠক অনিল দাস, ইতিহাস থিয়েটাৰৰ পৃষ্ঠপোষক চিৰাজ আলী, প্ৰতিষ্ঠাপক প্ৰযোজক মহানন্দ কুমাৰ, মুখ্য প্ৰযোজক সুভাষ চন্দ্ৰ দাস, অন্তৰংগ সহযোগী ৰাণা পাটোৱাৰী, প্ৰবীণ কুমাৰ দাস, নিৰেণ মালী, যতীন্দ্ৰ মেধি, নাট্যদলটোৰ সহঃ প্ৰযোজক অঞ্জনজ্যোতি দাস, সম্পাদক ৰঞ্জিত দত্ত, সাংস্কৃতিক সাংবাদিক নজৰুল হক, অপূৰ্ব তালুকদাৰ প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি ।

১৪ টা গৌৰৱোজ্বল বৰ্ষ অতিক্ৰম কৰা সুভাষ দাস প্ৰযোজিত ইতিহাস থিয়েটাৰত এইবাৰ দৰ্শকৰ মাজত ব্যাপকভাৱে চৰ্চিত হৈ উঠা নাটখন হ'ল নাট্যকাৰ, পৰিচালক অভিজিত ভট্টাচাৰ্যৰ 'কেপ্টেইন অবিনাশ'। নাট্যদলটোৰ আন দুখন নাট হ'ল - অভিজিত ভট্টাচাৰ্যৰ 'মুখাপিন্ধা দৰা' আৰু বিশিষ্ট নাট্যকাৰ, পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাৰ 'খলনায়কৰ খং' ।

এইবৰ্ষত ইতিহাসৰ মুখ্য আকৰ্ষণ হৈছে মঞ্চ আৰু চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰাৰ সাৱলীল অভিনয়। প্ৰসেনজিৎ বৰাৰ উপৰি অভিনয়েৰে মঞ্চ শুৱনি কৰিব পদ্ম বৰা, নির্মালী এছ বৰা, ভায়লিনা বৰুৱা, অৰ্চনা বৰা, জীৱন হাতীকাকতি, চন্দন বৰা, নাজিমূল ইছলাম, চম্পক মেধি, পাৰ্থ শৰ্মা, মানস শইকীয়া আদিৰ দৰে মঞ্চৰ বহু অভিজ্ঞ অভিনয় শিল্পীয়ে। নাট্যদলটোৰ সম্পাদকৰ দায়িত্বত আছে ৰঞ্জিত দত্ত, সহঃ সম্পাদক ভৱেশ দাস ।

১৫ বছৰীয়া ইতিহাস থিয়েটাৰৰ নাট্যযাত্ৰাৰ মঞ্চ মুকলি কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
'চন্দ্ৰযান-৩'ত নিধি শৰ্মাৰ অৱদানকলৈ উৎফুল্লিত তিনিচুকীয়াবাসী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in