/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d74360b9-9a37-4b04-9898-4e08e44aaa0b/ff.jpg)
ডিজিটেল সংবাদ, চতিয়াঃ নিৰ্মাণৰ তিনি বছৰ সম্পূৰ্ণ নৌহওতেই খহি পৰিল এখন দলং ৷ এই খন দলং খনৰ আছে এক শিহৰণকাৰী অতীত ৷ পশ্চিম কুৰুৱাআতি ছাত্ৰ-ছাত্ৰী সকল টৌ গামলাত উঠি জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলৈ বিদ্যালয়লৈ অহা-যোৱা কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ জোকাৰণিৰ ৷
তেতিয়াই বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ইয়াত নিৰ্মান কৰিছিল এখন কাঠৰ দলং৷ জনতাক প্ৰলোভিত কৰাৰ স্বাৰ্থত বিজেপিৰ সৈতে প্ৰতিযোগিতাত নামি নিৰ্মাণ হোৱা দলং খনৰ কাষতে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই নিজৰ সাংসদ পূঁজিৰ ২০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিছিল আন এখন কাঠৰ দলং ৷
এই দলং খনৰ নিৰ্মানৰ দায়িত্ব দিয়া হৈছিল বিশ্বনাথৰ কংগ্ৰেছী নেতা দিলীপ বৰুৱাক ৷ কিন্তু আৱন্টিত ধনৰ সিংহ ভাগেই আত্মসাৎ কৰি অতি নিম্ন মানৰ কাঠৰে এই দলং খন নিৰ্মাণ কৰিলে দিলীপ বৰুৱাই ৷যাৰ ফলত নিৰ্মাণৰ তিনি বছৰ সম্পূৰ্ণ নৌহওতেই আজি খহি পৰিল এই বিশ লাখ টকীয়া দলং খন ৷
উল্লেখ্য যে বিজেপিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে নিৰ্মান কৰি দিয়া দলং খনো কিছুদিন পূৰ্বে পানীয়ে উটুৱাই নিয়ে ৷ যাৰ ফলত ইয়াৰ ছাত্ৰ-ছাত্ৰী অথবা জনসাধাৰণ পুনৰ যে আকৌ টৌ-গামলাত যে যাতায়ত কৰিব লাগিব সেয়া নিশ্চিত হৈ পৰিল ৷ অঞ্চলটোৰ জনতা নিৰক্ষৰ হোৱাৰ বাবেই চৰকাৰ অথবা বিৰোধী সকলোৱে ইয়াৰ জনতাক প্ৰতাৰণা কৰি অহাৰ অভিযোগ উঠিছে ৷
Also Read: কানাডাৰ বাসগৃহত প্ৰৱেশ কৰি ৯ বাৰকৈ গুলীয়ালে খালিস্তানী নেতাৰ মূৰত; কোনে কৰিলে হত্যা...