সাথী কৃষ্ণ চৈতন্য ৰেড্ডীক অসম প্রদেশ কৃষক কংগ্ৰেছৰ তত্বাবধায়ক হিচাপে নিযুক্তি

সাথী কৃষ্ণ চৈতন্য ৰেড্ডীক অসম প্রদেশ কৃষক কংগ্ৰেছৰ তত্বাবধায়ক হিচাপে নিযুক্তি

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ, গুৱাহাটী : অখিল ভাৰত কিষাণ কংগ্রেছে সাথী কৃষ্ণ চৈতন্য ৰেড্ডীক অসম প্রদেশ কৃষক কংগ্ৰেছৰ তত্বাবধায়ক হিচাপে নিযুক্তি দিছে। কিষাণ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ সুখপাল সিং খেইৰাৰ অনুমোদনক্রমে সংগঠনৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় উপাধ্যক্ষ অখিলেশ শুক্লাই বুধবাৰে এই নিযুক্তি প্রদান কৰে।

Advertisment

ইয়াৰ পূৰ্বেও অন্ধ্রপ্রদেশৰ এই বিশিষ্ট কৃষক নেতাজনে অসমৰ সহ-তত্বাবধায়ক হিচাপে কার্যনির্বাহ কৰি আছিল। তেওঁৰ তত্বাৱধানত অসম প্রদেশ কৃষক কংগ্রেছে অসমত কৃষকসকলক সংগঠিত কৰাত আৰু বৰ্তমান চৰকাৰৰ কৃষক বিৰোধী নীতিসমূহৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে।

অসম প্রদেশ কৃষক কংগ্ৰেছৰ অধ্যক্ষ হৰি প্ৰসাদ শইকীয়া, উপাধ্যক্ষ ত্রিদিব শর্মা আৰু আন দলীয় নেতাসকলে ৰেড্ডীৰ এই নিযুক্তিৰ আদৰণি জনাইছে। এই নিযুক্তিয়ে সংগঠনটোক এক নতুন গতি প্রদান কৰিব বুলি আশা কৰিছে।

Also Read: ট্ৰেণ্ডছৰ উদ্যোগত ‘আমাৰ পূজা আমাৰ ট্ৰেণ্ডছ’ শীৰ্ষক প্ৰতিযোগিতা

Sathi Krishna Chaitanya Reddy congress