/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-19/lg79qno5/pratidintime2024-09-19f5mfq161Trends-Announces-Our-Puja-Our-Trends-Talent-Competition-for-Durga-Puja.avif)
ডিজিটেল ডেস্ক : শাৰদীয় দুৰ্গা পূজা আৰু টেলেণ্ট হাণ্টৰ সৈতে সংগতি ৰাখি ট্ৰেণ্ডছে আয়োজন কৰিছে ‘আমাৰ পূজা আমাৰ ট্ৰেণ্ডছ’ শীৰ্ষক প্ৰতিযোগিতা। নৃত্য, গীত, অভিনয় আৰু বাদ্য বাদন শিতানত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
আগ্ৰহী লোকসকলে সমীপৱৰ্তী ট্ৰেণ্ডছৰ বিপণীলৈ গৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ইয়াত লোকসকলে প্ৰমাণপত্ৰৰ লগতে আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিব।
শ্ৰেষ্ঠ বিজয়ীয়ে লাভ কৰিব এলিমিনেচন ৰাউণ্ডত অংশগ্ৰহণৰ সুবিধা। অডিচনৰ স্থান হৈছে নলবাৰী, নগাঁও, বিশ্বনাথ চাৰিআলি, তিনিচুকীয়া, মৰাণ, শিৱসাগৰ, ৰঙিয়া, পাঠশালা, দুধনৈ, বঙাইগাঁও, মঙলদৈ আৰু ছয়গাঁও।
Also Read: ৰাজ্যৰ এগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ...