শশাংক কটকীৰ হত্যাকাণ্ড ! পত্নী, বন্ধুসহ ৫ জনক জে'ললৈ প্ৰেৰণ...

শশাংক কটকীৰ হত্যাকাণ্ড ! পত্নী বন্ধুসহ ৫ জনক জে'ললৈ প্ৰেৰণ...

author-image
Asomiya Pratidin
New Update
শশাংক কটকীৰ হত্যাকাণ্ড ! পত্নী, বন্ধুসহ ৫ জনক জে'ললৈ প্ৰেৰণ...

শশাংক কটকীৰ হত্যাকাণ্ড ! পত্নী বন্ধুসহ ৫ জনক জে'ললৈ প্ৰেৰণ...

ডিজিটেল সংবাদ বিশ্বনাথঃ পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ বলি হোৱা বিশ্বনাথৰ শশাংক কটকী হত্যাকাণ্ডৰে জড়িত ৫ জনক আজি ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়ালয়ে জে'ললৈ প্ৰেৰণ কৰে। ন্যায়ালয়লৈ জে'ললৈ প্ৰেৰণ কৰা এই ৫ গৰাকীৰ ভিতৰত আছে শশাংকৰ পত্নী লক্ষ্যহীৰা ভূঞা কটকী, শশাংকৰ বন্ধু তথা হত্যা কাণ্ডৰ অন্যতম অভিযুক্ত শশাংক হাজৰিকা, সোণমণি দাস, আকাশ বৰা আৰু বিপুল দাস।

Advertisment

ইফালে শশাংক কটকীৰ পত্নীৰ অবৈধ প্ৰেমিক তথা মূল অভিযুক্ত দীপাংকৰ বৰাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হত্যাকাণ্ডৰ সন্দৰ্ভত সবিশেষ তথ্য উদ্ধাৰৰ বাবে আৰক্ষীয়ে দীপাংকৰক সোধা-পোছা অব্যাহত ৰাখিছে।

উল্লেখ্য যে বিশ্বনাথৰ বুঢ়িগাং নৈত উদ্ধাৰ হৈছিল শশাংক কটকীৰ মৃতদেহ। ইয়াৰ পাছতে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পত্নী লক্ষ্যহীৰা ভূঞা কটকীক গ্ৰেপ্তাৰ কৰে।

পৰিয়ালৰ অভিযোগ শশাংকই মাটি বিক্ৰী কৰি পোৱা ২২ লাখ টকাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হ'ল। কিছুদিন পূৰ্বে এখন চেকক লৈ শশাংক আৰু লক্ষ্যহীৰাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল৷

কেৱল সেয়াই নহয় লক্ষ্যহীৰাই শশাংকই মাটি বিক্ৰী কৰা ধনেৰে অবৈধ প্ৰেমিকক বুলেট ক্ৰয় কৰি দিয়াৰো অভিযোগ উত্থাপন হৈছে। দীৰ্ঘদিন ধৰি বিশ্বনাথ চাৰি আলি টাউনত ঘৰ ভাড়া কৰি থকা লক্ষ্যহীৰাই শশাংকৰ মৃত্যুৰ পাছতো এবাৰো তেওঁৰ ঘৰলৈ নোযোৱাৰ লগে মৃত স্বামীক অন্তিম বাৰৰ বাবেও চাবলৈ নগ'ল।

স্থানীয় মহিলা সমিতিয়ে পৰকীয়া প্ৰেমৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি দাবী কৰি ঘটনাৰ উচিত তদন্ত দাবী কৰিছে। উল্লেখ্য যে, ১৫ আগষ্টত বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈছিল শশাংক।

ইয়াৰ পাছতে ৰহস্যজনক ভাৱে উদ্ধাৰ হৈছিল শশাংকৰ মৃতদেহ। সেয়ে শশাংকক হত্যা কৰা হৈছে বুলি সন্দেহ কৰিছে। সেই সন্দেহৰ ভিত্তিতে তেওঁৰ ৪ বন্ধুক আৰক্ষীয়ে ১৫ আগষ্টৰ দিনাই আটক কৰিছিল।

Also Read: দিন বেয়া আছিল অভিযন্তা, লাট মণ্ডল, দালাল সকলোৰে...

অপৰাধ শশাংক কটকী হত্যাকাণ্ড