দিন বেয়া আছিল অভিযন্তা, লাট মণ্ডল, দালাল সকলোৰে...

দিন বেয়া আছিল অভিযন্তা, লাট মণ্ডল, দালাল সকলোৰে...
দিন বেয়া আছিল অভিযন্তা, লাট মণ্ডল, দালাল সকলোৰে...

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে দুৰ্নীতি পৰায়ণ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান। বৃহস্পতিবাৰৰ দিনটোতে ৰাজ্যৰ দুটা পৃথক স্থানৰ পৰা গ্ৰেপ্তাৰ হ'ল ৩ জনকৈ দুৰ্নীতিগ্ৰস্ত।

এই ৩ দুৰ্নীতিগ্ৰস্তৰ ভিতৰত আছে কাৰ্যবাহী অভিযন্তা, লাটমণ্ডল আৰু দালাল। উল্লেখ্য যে দিনটোৰ আৰম্ভণিতে প্ৰথমে উৎকোচ লৈ হাত দাঙে লোক নিৰ্মাণ বিভাগৰ হাফলঙৰ কাৰ্যকৰী অভিযন্তা মনোজ কুমাৰ শইকীয়াই।

পেণ্ডিং বিল মুকলাই দিয়াৰ নামত এইগৰাকী বিষয়াই বচাৰিছিল উৎকোচ। আজি সেই উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে কাৰ্যকৰী অভিযন্তাগৰাকীক।

ইয়াৰ পিছতে নলবাৰী জিলাত উৎকোচ লৈ গ্ৰেপ্তাৰ হয় লাটমণ্ডল আৰু দালাল। নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ উৎকোচ দাবী কৰি গ্ৰেপ্তাৰ হয় লাটমণ্ডল দেৱাশিস বৰ্মন।

নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ লাট-মণ্ডল দেৱাশিস বৰ্মনে দালাল নয়ন বৰ্মনৰ জৰিয়তে লৈছিল ধন। নয়ন বৰ্মনকো গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাই।

দিন বেয়া আছিল অভিযন্তা, লাট মণ্ডল, দালাল সকলোৰে...
বঢ়মপুৰত পুখুৰীৰ পৰা উদ্ধাৰ আৰক্ষী বাহিনীৰ নায়কৰ মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in