বলপূৰ্বক ধৰ্ম পৰিবৰ্তনৰ বাবে কেন্দ্ৰই কি পদক্ষেপ গ্ৰহণ কৰিছে? উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ে সোমবাৰে প্ৰৱঞ্চনা, প্ৰলোভন আৰু বল প্ৰয়োগ কৰি ধৰ্মান্তৰণ কৰা ঘটনাৰ ওপৰত চিন্তা প্ৰকাশ কৰে।
supreme court
supreme court

ডিজিটেল ডেস্ক:  উচ্চতম ন্যায়ালয়ে সোমবাৰে  প্ৰৱঞ্চনা, প্ৰলোভন আৰু বল প্ৰয়োগ কৰি ধৰ্মান্তৰণ কৰা ঘটনাৰ ওপৰত চিন্তা প্ৰকাশ কৰে। ন্যায়ালয়ে কয় যে যদি এই প্ৰথা বন্ধ কৰা নহয়, ই দেশৰ নিৰাপত্তাৰ লগতে নাগৰিক সকলৰ মৌলিক অধিকাৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব। গতিকে এই ধৰ্মান্তকৰণ প্ৰথা বন্ধ কৰাৰ সময় আহি পৰিছে বুলি কয় ন্যায়ালয়ে।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে জনজাতীয় অঞ্চলত এনে ধৰণৰ ধৰ্মান্তৰণৰ ঘটনা বেছিকৈ সংঘটিত হয়। এই সন্দৰ্ভত আদালতে কয় যে এনে পৰিস্থিতিত চৰকাৰে কি কৰি আছে? ৰাজ্যবোৰত আইন থাকিব পাৰে, কিন্তু কেন্দ্ৰই হস্তক্ষেপ কৰা উচিত।

বলপূৰ্বক ধৰ্ম পৰিৱৰ্তনৰ বিৰুদ্ধে কেন্দ্ৰই লোৱা ২২ টা পদক্ষেপৰ বিৱৰণ দি এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ন্যয়ালয়ে। আদালতে কেন্দ্ৰক ২২ নৱেম্বৰৰ ভিতৰত এখন শপতনামা দাখিল কৰিবলৈ কয়। বিষয়টোৰ ওপৰচ ২৮ নৱেম্বৰত পুনৰ শুনানি হ'ব।

উচ্চতম ন্যায়ালয়ে জনহিতৰ এখন আবেদনত শুনানি কৰি আছে। য'ত ভাবুকি দি ধৰ্মান্তৰণ কৰা আৰু বিভিন্ন প্ৰলোভন ধন আদি দি ধৰ্মান্তৰণ কৰাক সংবিধানৰ ১৪,২১ আৰু ২৫ নম্বৰ অনুচ্ছেদ উলংঘন কৰা বুলি ঘোষণা কৰাৰ দাবী জনাইছে। ন্যায়াধীশ এম আৰ শ্বাহ আৰু হিমা কোহলীৰ বিচাৰপীঠে বিষয়টো শুনানি কৰি আছে। বলপূৰ্বক ধৰ্মান্তৰকৰণৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি ন্যায়ালয়ে কয়, "বলপূৰ্বক ধৰ্মান্তৰকৰণ ৰাষ্ট্ৰৰ স্বাৰ্থৰ বিৰোধী। ই ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিৰুদ্ধেও। দেশত স্বেচ্ছাই ধৰ্ম পৰিবৰ্তন কৰাৰ অনুমতি আছে, কিন্তু বলপূৰ্বক ধৰ্ম পৰিবৰ্তনৰ অনুমতি নাই।"

আৱেদনখনত আইন আয়োগক ৩ মাহৰ ভিতৰত বলপূৰ্বক ভাৱে ধৰ্মান্তৰণ কৰাৰ ওপৰত এখন বিধেয়ক প্ৰস্তুত কৰি ইয়াক ৰূপান্তৰ কৰাৰ দাবী জনাইছে।বিজেপি নেতা তথা অধিবক্তা অশ্বিনী উপাধ্যায়ে ধৰ্মান্তৰকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে। আৱেদন অনুসৰি, লোকসকলক বলপূৰ্বক ধৰ্মান্তৰিত কৰা হৈছে। মানুহক ধৰ্মান্তৰিত হ'বলৈ বাধ্য কৰা হৈছে।

আৰু পঢ়ক: বঢ়মপুৰত "সমন্বয় ৰাস" মহোৎসৱ: সাংবাদিক নিতুমণি শইকীয়া প্ৰদান কৰা হ'ব দুটাকৈ বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in